বোকাজানঃ হাতে হাতে ঝাড়ু লৈ ৰাজ পথলৈ ওলাই আহিল চিআৰপিএফৰ বিষয়া-জোৱান৷ স্বচ্ছ ভাৰত গঢ়াৰ লক্ষ্যৰে অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত বৃহস্পতিবাৰে হাতে হাতে ঝাড়ু ললে শ-শ চিআৰপিএফৰ বিষয়া-জোৱানে৷ চিআৰপিএফৰ খটখটিস্থিত কেম্পৰ গ্ৰুপ চেণ্টাৰৰ জোৱানসকলে "স্বচ্ছতা পখৱাড়া" কাৰ্যসূচী ৰূপায়ণ কৰে৷

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা অনুসৰি "স্বচ্ছতা পখৱাড়া" আঁচনিৰ অধীনত খটখটিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিকাষৰীয়া অঞ্চলসমূহত স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে চিআৰপিএফে৷ অঞ্চলটোৰ বিদ্যালয়, চিকিৎসালয়, বাছ আস্থান, ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিকাষৰীয়া ঠাই সমূহৰ উপৰিও বিভিন্ন স্থানত গ্ৰুপ চেণ্টাৰৰ জোৱান সকলে হাতে হাতে ঝাড়ু লৈ সমগ্ৰ অঞ্চলটোৰ জাৱৰ-জোঁঠৰ পৰিস্কাৰ কৰি জ্বলাই দিয়ে৷

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ খটখটিস্থিত গ্ৰুপ চেণ্টাৰৰ ডিআইজিপি চাহনাৱাজ খানৰ নেতৃত্বত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ স্বচ্ছতাৰ পখৱাড়া কাৰ্যসূচীত ডেপুটি কামাণ্ডেত এচ চি ঘোষ, পীৰ মহম্মদ, স্বাস্থ্য বিষয়া ডাঃ সুৰজ ডাঙৰীয়াৰ উপৰিও গ্ৰুপ চেণ্টাৰৰ সহস্ৰাধিক জোৱানে অংশগ্ৰহণ কৰে৷