14
Aug
2017

কাকপথাৰঃ হাতত বন্দু লোৱা লোকসকলে আজি হাতত ঝাড়ু তুলি ল'লে৷ হয়, এইবাৰ হাতত ঝাড়ু লৈ ওলাই আহিল অসম আৰক্ষী, ভাৰতীয় সেনা বাহিনী, লগতে গাঁওৰক্ষী বাহিনী।
আজি ৭১তম স্বাধীনতা দিৱস উপলক্ষে এক স্বচ্ছ অভিযান কাৰ্যসূচীলৈ ওলাই আহে কাকপথাৰ থানাৰ আৰক্ষী, ভাৰতীয় সেনা বাহিনী কাকপথাৰ কেম্পৰ সেনা আৰু কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীয়ে।
আৰক্ষী প্ৰশাসন আৰু ভাৰতীয় সেনা বাহিনীৰ এনে পদক্ষেপে ৰাইজ আৰু তেঁওলোকৰ মাজত এক সমন্বয়ৰ সৃষ্টি কৰিব বুলি ৰাইজে মত পোষণ কৰে।
কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে আমি সকলোৱে হাতে হাতে ঝাডু লৈ ওলাই আহিলে পৰিষ্কাৰ হ’ব দেশ আৰু পৰিষ্কাৰ হ’ব আমাৰ ৰাজ্য বুলি কয়৷