ডিফুঃ কাৰ্যালয় এৰি হাতে হাতে ঝাড়ু লৈ ওলাই আহিল বিষয়া কৰ্মচাৰী৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙক এখন স্বচ্ছ জিলা হিচাপে গঢ়ি তোলাৰ বাবে সচিবালয় এৰি হাতত ঝাড়ু তুলি ললে বিষয়াই৷

কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য সচিব জয়শ্ৰী দাওলা গুপুৰ নেতৃত্বত জন্ম লাভ কৰা ক্লীন কাৰ্বি আংলঙ মিছন চমুকৈ চিকামৰ উদ্যোগত আজি পুৱা ৭ বজাৰ পৰা কাৰ্বি পৰিষদৰ সচিবালয়ৰ পৰা আৰম্ভ কৰি ডিফু চহৰৰ পদ পথ, দোকানৰ সন্মুখ ভাগ আদিত চাফাই অভিযান চলায়৷

কাৰ্বি পৰিষদৰ মুখ্য সচিব জয়শ্ৰী দাওলা গুপুৰ নেতৃত্বত চলা চাফাই অভিযানত পৰিষদৰ ষ্টাফ, স্বেচ্ছাসেৱী সংগঠন আৰু সাধাৰণ লোকেও অংশ গ্ৰহণ কৰে৷