
গোৰেশ্বৰঃ বাক্সা জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীৰ উদ্যোগত হাতে হাতে ঝাড়ু লৈ ওলাই পুৰুষ-মহিলা৷ সকলোৱে হাতে হাতে ঝাড়ু ললে স্বচ্ছ হ’ব আমাৰ চৌদিশ৷ এই সপোনক সাৰোগত কৰি মঙলবাৰে স্বচ্ছ ভাৰত আৰু নিৰ্মল অসমৰ বাবে স্বচ্ছতাৰ অভিযান চলাই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।
যোৱা ১৬ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ চলিবলগীয়া এই চাফাই অভিযানৰ ২৪ অক্টোবৰত মহৰিপাৰা স্থিত উত্তৰ বেতনা হাইস্কুলৰ চৌপাশ, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদি পৰিস্কাৰ কৰা হয়। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই স্বচ্ছ অভিযানত বাহিনীৰ সদস্য-সদস্যাৰ লগতে অঞ্চলটোৰ ভালেমান শুভাকাংক্ষীয়ে অংশ গ্ৰহণ কৰে। অহা ৩০ অক্টোবৰলৈ চলিব লগা এই অভিযানত অঞ্চলটোৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, চৌহদ, বাট-পথ আদি পৰিস্কাৰ কৰাৰ লক্ষ্য স্থিৰ কৰি ধাৰাবাহিকভাৱে চাফাই অভিযান চলাই যাৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে৷