02
Oct
2018

newsnextone.com। মানকাচাৰঃ সোমবাৰে হাতত ঝাৰু লৈ চাফাই অভিযানৰ বাবে ওলাই আহিছে ছয়জনকৈ বিএন বিএছএফ বিষয়াৰ লোক৷ স্বচ্ছ ভাৰত অভিযান পুৱা ৮.০০ বজাৰ পৰা ১১.০০ বজালৈ মানকাচাৰত এই কাৰ্যসূচী সম্পন্ন হোৱা দেখা যায়৷ মানকাচাৰ সীমান্তৱৰ্তী এলেকাৰ কামাখ্যা মন্দিৰ শিশু উদ্যান, মিৰজুমলা মছজিদৰ কাষৰীয়া অঞ্চলৰ পৰা মানকাচাৰ অট’ আস্থানলৈকে জোৱানসকলে নিয়াৰিকৈ স্বচ্ছ কাৰ্য পৰিচালিত কৰে৷ আনহাতে গাৱবাসীসকলক সংবেদনশীল তথা সচেতনতাৰ বিষয়ে অৱগত কৰিবলৈ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী হাতত তুলি লয় জোৱানসকলে৷ উল্লেখযোগ্য যে এই কাৰ্যসূচীত উদয়বীৰ সিঙ(মানকাচাৰ), লক্ষ্মীচন্দৰ(ঝলচৰ) লগতে আৰক্ষী চন্দ্ৰভন(কাকৰীপাৰা মানকাচাৰ) বিষয়াৰ লোকে উক্ত অভিযানত সহযোগীতা আগবঢ়ায়৷