17
Sep
2017

নলবাৰীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি জন্মদিন৷ দেশৰ বিভিন্ন ঠাইত বিজেপিৰ নেতা-কৰ্মীয়ে বিভিন্ন ধৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰে৷ নলবাৰী জিলা বিজেপিৰ নেতা-কৰ্মীয়েও প্ৰধানমন্ত্ৰীৰ জন্মদিটো পালন কৰে৷
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে দেওবাৰে পুৱা বিজেপিৰ নলবাৰী টাউন মণ্ডল, যুৱ মৰ্চাৰ নলবাৰী টাউন মণ্ডল, অনুসুচিত জাতি মৰ্চাৰ নলবাৰী টাউন মণ্ডল আৰু সংখ্যালঘূ মৰ্চাৰ নলবাৰী টাউন মণ্ডলে সন্মিলিত ভাৱে নলবাৰী পৌৰসভাৰ অন্তৰ্গত চহৰৰ উদ্যান, শ্বহীদ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিমূৰ্তি চাফা-চিকুণ কৰে৷ বিজেপিৰ নলবাৰী জিলাৰ সভাপতি বনদ্বিপ ডেকা অঞ্জন ডেকা আৰু মৃণ্ময় চক্ৰৱৰ্ত্তী উপস্থিত থাকে কাৰ্যসুচীত৷