
চিচিবৰগাঁওঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক মেচেজ দিছিল দেশ পৰিস্কাৰ কৰাৰ৷ তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷
তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ফলস্বৰূপে আজিকোপতি এই অভিযানে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷
ৰাজ কোষৰ কোটি কোটি টকা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত খৰছ কৰাৰ সময়তে ধেমাজি জিলাৰ ধেমাজি নগৰৰ মাজমজিয়াৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। নগৰখনত এতিয়া মানুহে সোপা দি আহ-যাহ কৰিব লগা হৈছে৷ উৎকট দুৰ্গন্ধই এক প্ৰকাৰ ভেঙুচালি কৰিছে স্বচ্ছ ভাৰত অভিযান আঁচনিক৷
ধেমাজি নগৰৰ মাজমজিয়াৰ সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। নগৰখনৰ পেলনীয়া সমস্ত আৱৰ্জনা ধেমাজি নগৰ সমিতিয়ে বজাৰৰ সমীপতে পেলোৱা পিতনি সদৃশ হৈ পৰিছে বজাৰৰ চৌহদ৷
বজাৰখনৰ ব্যৱসায়ীসকলে পেলনীয়া সামগ্ৰীসমূহ য’তে-ত’তে দ’ম কৰাত জাৱৰৰ নগৰ হৈ পৰিছে ধেমাজি নগৰ৷ বজাৰখনৰ অস্বাস্থ্যকৰ পৰিৱেশত ক্ৰয়-বিক্ৰয় কৰিব লগা হোৱাত গ্ৰাহকে সমস্যাত পৰিছে। সাপ্তাহিক বজাৰৰ চৌহদ পৰিস্কাৰ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও আজিলৈকে গা লৰা দেখা নগল ধেমাজি নগৰ সমিতিৰ।
নগৰ উন্নয়ণ পুঁজিৰে প্ৰায় ৪০ লাখ টকাৰে নতুনকৈ বজাৰগৃহ নিৰ্মাণ কৰিছিল যদিও ঘৰটোৰ সন্মুখতেই আৱৰ্জনাসমূহ জমা কৰি ৰখাত ঘৰটো জহি খহিযাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ধেমাজি নগৰ সমিতিৰ এনে কৰ্ম কাণ্ডকলৈ ধেমাজিবাসী অতিষ্ঠ হৈ পৰিছে। এই কাণ্ডক গৰিহণা দিয়ে ধেমাজিবাসীয়ে৷