13
Aug
2017

ওৰাংঃ হাতে হাতে ঝাডু লৈ আমি সকলোৱে ওলাই আহিলে পৰিস্কাৰ হ’ব দেশ আৰু পৰিস্কাৰ হ’ব আমাৰ ৰাজ্য৷ হয়, আজি হাতে হাতে ঝাড়ু লৈ ওৰাং পৰিস্কাৰ কৰিবলৈ ব্যৱসায় এৰি ওলাই আহিল ওৰাঙৰ ব্যৱসায়ী৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক দিঠক কৰাৰ বাবে ওলাই আহিল ব্যৱসায়ী সকল৷
২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰত ভাৰতবৰ্ষ এখন পৰিস্কাৰ, স্বচ্ছ দেশ হিচাপে পৰিগণিত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্যক বাস্তৱয়িত কৰাৰ সহায় কৰাৰ বাবে ব্যৱসায়ীসকল ওলাই আহে৷
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওৰাং ব্যৱসায়ী সন্থাই ওৰাঙৰ চৌদিশ পৰিস্কাৰ কৰি ৰখাৰ বাবে কাৰ্যসূচী হাতত লয়।
আজি পুৱা ৮ বজাৰ পৰা ওৰাঙৰ ব্যৱসায়ী সকলে হাতে হাতে ঝাড়ু লৈ আগবাঢ়ি আহে ওৰাং চাৰিআলি পৰিস্কাৰ কৰা উদ্দেশ্যে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন ডেকাই শুভৰাম্ভ কৰে কাৰ্যসুচীৰ।