
কাকপথাৰঃ ভাৰতবৰ্ষক বিশ্ব দৰবাৰত পৰিষ্কাৰ ৰূপত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আহ্বান জনোৱা স্বচ্ছ ভাৰত অভিযানৰ পৰা তিনিচুকীয়া জিলাৰ কাকপথাৰবাসী এতিয়াও বহূ দূৰৈত ৷
কাকপথাৰ টাউনৰ মাজমজিয়াতে বজাৰৰ গেলা-পচা জাৱৰ জোথৰৰ দমে সমগ্ৰ অঞ্চলটোলৈ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷
কাকপথাৰৰ দৈনিক বজাৰৰ পেলনীয়া সামগ্ৰীৰ লগতে নিকটৱৰ্তী বাসিন্দাসকলৰ লগতে হোটেল-ৰেষ্টুৰেণ্ট আদিৰ কৰ্মচাৰীয়ে প্ৰক্ষেপ কৰা জাবৰ দিনক দিনে বাঢ়ি অহাৰ ফলত দূৰ্গন্ধই ৫২নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ-যাহ কৰা সকলো শ্ৰেণীৰ নাগৰিককে অস্বস্তিত পেলাইছে৷
উল্লেখ্য যে কাকপথাৰ দৈনিক বজাৰৰ ব্যৱসায়ীসকলে পেলনীয়া সামগ্ৰী নিক্ষেপ কৰিবলৈ আজি পৰ্যন্ত কোনো ডাষ্টবিনৰ সু-ব্যৱস্থা নাই৷
আনহাতে বজাৰৰ ভিতৰত শৌচাগাৰৰ ব্যৱস্থা আছে যদিও বছৰৰ বাৰ মাহেই শৌচাগাৰৰ দুৱাৰত তলা ওলমি থকাত বজাৰখনৰ লগত জড়িত ক্ৰেতা-বিক্ৰেতাসকলে সম্প্ৰতি এই পৰিত্যক্ত ঠাইখিনিকে সৰুপানী চুবলৈ ব্যৱহাৰ কৰাত এক দৃষ্টিকটু দৃশ্য প্ৰায়ে পৰিলক্ষিত হৈ আহিছে।