গৌৰীসাগৰঃ আজি শ্বহীদ দিৱস৷ যিসকল মহান শ্বহীদৰ ত্যাগ আৰু আত্মবলিদানৰ ফলশ্রুতিত দেশবাসীয়ে পৰাধীনতাৰ শিকলি চিঙি স্বাধীনতাৰ বাঘজৰী আটুত ৰাখিবলৈ সক্ষম হৈছিল সেই সকলক শ্ৰদ্ধাৰে সোঁৱৰিছে সমগ্র ৰাজ্যই৷ শিৱসাগৰ জিলাৰ চাৰিং হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়তো আজি মহান শ্বহীদ সকলক সোঁৱৰি আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ৷ এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কাৰ্য্যসূচীত ২০০ৰো আধিক গছপুলি ৰোপন কৰে বিদ্যালয়ৰ শিক্ষক, প্রাক্তন ছাত্র-ছাত্রী আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে৷

উল্লেখ্য যে, বিদ্যালয়খনৰ পৰম্পৰা অনুসৰি ছাত্র ছাত্রী সকলৰ উপজা দিনটোতো এনেধৰনেই বিদ্যালৰ চৌহদত গছ পুলি ৰোপন কৰা হয়৷ বিশিষ্ট সমাজ কৰ্মী তথা হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰে প্রক্তন ছাত্র অৰ্পন তামুলীয়ে শুভাৰম্ভ কৰা বৃক্ষৰোপন কাৰ্য্যসূচীত বিদ্যালয়ৰ সকলো শিক্ষক ছত্র ছাত্রী আৰু স্থানীয় ৰাইজে সহযোগ কৰে৷ এইবাৰ বানপানীৰ ফলত ক্ষতি হোৱা গছ পুলি সমূহ পুনৰ উজ্জীৱিত কৰি এখন সেউজ ধৰণী গঢ়াৰ প্রয়াস কৰিছে বিদ্যালয় কৰ্তৃপক্ষ, ছাত্র-ছাত্রী আৰু ৰাইজে৷ এই ক্ষেত্রত সকলো প্রকৃতি প্রেমীয়ে এই কাৰ্য্যক প্রশংসা কৰিছে৷