খাৰুপেটীয়াঃ নিজকে মুখ্যমন্ত্রী বুলি ভবা দুমখীয়া চৰিত্ৰৰ ক্ষমতাৰ বলিয়া হৈ আবোল তাবোল বকি থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পাগল কুকুৰে কামুৰিছে বুলি কটাক্ষ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতিয়ে । আজি দৰং জিলা কৃষক সংঘৰ উদ্যোগত আৰু বাহাবাৰী আঞ্চলিকৰ সহযোগত ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদৰ সোৱৰণত খাৰুপেটীয়াৰ পশ্চিম বাঁহাবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত শ্বহীদ দিৱস উদযাপনৰ মুকলি সভাত সংগঠনটোৰ উপদেষ্টাজনে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰি ভাষণ ৰাখে।

দৰং কৃষক সংঘৰ সভাপতি মোজাফৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ‌সভাখনত ভৱেশ কাকতিয়ে শোষিত নিষ্পেষিত বঞ্চিত দুখীয়া কৃষক ৰাইজৰ সুবিধাৰ্থে দৰং জিলাত কমেও পাঁচটা শীতলীকৰণ ঘৰ স্থাপন হোৱা বুলি দাবী তুলিলে। লগতে কৃষি বিশ্ববিদ্যালয়, আৰু কৃষকৰ কষ্টকৰ উপাৰ্জন কৰা কৃষিজাত সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ দাবী তুলি বক্তব্য দাঙি ধৰে ।

১৮৯৪ চনতেই ১৪০ জনকৈ নিৰীহ কৃষকক গুলিয়াই হত্যা কৰা দৰঙৰ পথৰুঘাট আজি লৈকে বঞ্চিত হৈ থাকিলে আৰু নিহতৰ পৰিয়ালেও আজিলৈকে কোনো পৰ্যাপ্ত সুবিধা নিদিয়াৰ অভিযোগ তুলি বক্তব্য দাঙি ধৰে । আনহাতে সভাত উপস্থিত থকা আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদে বৰ্তমান সামাজিক ব্যধি হিচাপে পৰিগণিত হোৱা বাল্য বিবাহ, শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে । ইফালে মধ্যভোগীৰ ধপধপনিত প্ৰকৃত কৃষকে উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ তুলি জেষ্ঠ সাংবাদিক আছাদ আলীয়ে বক্তব্য দাঙি ধৰে । সভাখনৰ আঁত ধৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মেচেৰ আলী, সম্পাদক গোলাম ছাৰোৱাৰে  আৰু সহযোগ কৰে  হৰমুজ আলী,  মফিদুল ইছলাম, ইউনুস আলীৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয় ববীয়া সকলে । ইয়াৰ পুৰ্বে কৰ্ম কৰ্তা সকলে পুৱা ছাফাই অভিযান, পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আদি কাৰ্য্যসূচী সম্পন্ন কৰা হয়।