
বঢ়মপুৰঃ স্বাধীনতা আন্দোলনৰ ইতিহাসত বঢ়মপুৰৰ সংগ্ৰামী জনতাৰ অৱদান অসীম। ৪২ৰ গণ আন্দোলনত বঢ়মপুৰৰ চাৰিগৰাকি মহান স্বাধীনতা সংগ্ৰামীয়ে নিজৰ প্ৰান আহুতি দিব লগা হৈছিল। ১৯৪২ চনৰ ১৮ ছেপ্তেম্বৰ তাৰিখে বঢ়মপুৰৰ সংগ্ৰামী বলু সুত¸ ঠগি সুত আৰু লক্ষী হাজৰিকাই বৃটিচৰ গুলিত প্ৰণ দিছিল আৰু ভোগেশ্বৰী ফুকননী গুলিবিব্ধ হৈছিল আৰু ২০ চেপ্তেম্বৰ তাৰিখে তেখেতৰো মৃত্যু হৈছিল৷
বঢ়মপুৰত এইবাৰ শ্বহীদ সকলক সোঁৱৰি ৭৫ সংখ্যক মহাহীৰক জয়ন্তী শ্বহীদ দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ পাছতেই বঢ়মপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিদ্যলয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে শ্বহীদ উদ্যানৰ পৰা শ্বহীদ ভৱনৰ সভাস্থলীলে এক শোভাযাত্ৰা উলিয়ায়।
১১ বজাত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশব মহন্ত, প্ৰাক্তন মন্ত্ৰী গুণিন হাজৰিকা, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ড০ জয়শ্ৰী গোস্বামী মহন্ত, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, উৎপল দত্তৰ লগতে নগাঁৱৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক শ্বহীদ উদ্যানত উপস্থিত হৈ ৪২ৰ আন্দোলনৰ শ্বহীদ সকলৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰে আৰু ৪২ৰ আন্দোলনৰ সাক্ষী স্ৱৰুপ বটবৃক্ষ জোপাত পুষ্পাঞ্জলী অৰ্পণ কৰে। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্তি প্ৰজলন কৰে৷
আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ শ্ৰীমম্ত শংকৰ মিচন অন্ধ বিদ্যালয়ত উপস্থিত হৈ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সতে বাৰ্তালাপত মিলিত হয়৷ এই বাৰ্তালাপ অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে দিব্যাংগ সকলৰ বাৱে ৫০০০ টকাকে এককালীন সাহায্য আৰু ১০০০ টকাকৈ মাহিলী ভাত্তা দিয়াৰ কথা ঘোষণা কৰে আৰু লগতে এখন ITI মহাবিদ্যালয় দিব্যাংগ সকলৰ বাৱে খোলাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীয়ে মুকলি সভাত অংশগ্ৰহণ কৰে। মুকলি সভাখনৰ সভাপতিত্ব কৰে ৰাজ্য সভাৰ প্ৰক্তন সাংসদ ড০ জয়শ্ৰী গোস্বামী মহন্তই। সভাখনত ভাষণ প্ৰসংগত কৃষি মন্ত্ৰী অতুল বৰাই ইতিহাস প্ৰসিদ্ধ বঢ়মপুৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপ কৰে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ সকলৰ ত্যাগৰ উদ্ধৃতি দি ভাষণ প্ৰদান কৰি কয় যে একতাই হৈছে সফলতাৰ মূলমন্ত্ৰ৷ একতাৰ বাবেই এদিন হাজাৰ বিপদ নেওচি ভাৰতবাসীয়ে বৃটিছৰ দৰে এটা পৰাক্ৰমী জাতিক হৰুৱাব পাৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ আজি শ্বহীদ সকলৰ স্মৃতি ৰোমন্থিত সভাখনতে শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে ড০ জয়শ্ৰী গোস্বামী মহন্তই৷
সভাৰ মাজতে ড০ জয়শ্ৰী গোস্বামী মহন্তৰ ‘বঢ়মপুৰৰ নজনা কাহিনী’ নামৰ বঢ়মপুৰৰ ইতিহাস বিজড়িত গ্ৰন্থ এখন উন্মোচন কৰা হয়৷ আনহাতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঢ়মপুৰৰ কেন্দ্ৰীয় পুথিভঁড়াল নিৰ্মানৰ বাবে ২৫ লাখ টকাৰ অনুদান আগবঢ়ায়৷