
বোকাজানঃ কাৰ্বি আংলঙৰ বোকাজানৰ বিসৰ্জন ঘাট কালী মন্দিৰৰ উদ্যোগত বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অহা ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ ১৫৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
জন্ম জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি ৯ জানুৱাৰীত এক নিশুল্ক চিত্ৰাংকন প্ৰতিযোগিতাওঁ অনুষ্ঠিত হৈ যায়৷ ক-শাখাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰাকৃতিক দৃশ্য বিষয়ত, খ-শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মানৱ সৃষ্ট সম্পদ বিষয়ত, গ-শাখাত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ স্বামী বিবেকানন্দৰ প্ৰতিকৃতি বিষয়ত চিত্ৰাংকন প্ৰতিযোগিতাত অনুষ্ঠিত হয়৷
জন্ম জয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ১২ জানুৱাৰীৰ পুৱা ৭ বজাত বিবেকানন্দৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ লগতে সন্ধ্যা ৫ বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণৰ উপৰি সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷