
আমগুৰিঃ গৌৰীসাগৰত স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী উদ্ধোধন কৃষিমন্ত্ৰীৰ৷ থিতাতে থকা নিজ বিভাগৰে পৰিত্যক্ত কাৰ্য্যালয়লৈ চাবলৈ যাবলৈ সময় নহ’ল মন্ত্ৰীজনাৰ৷ মন্ত্ৰীৰ সৈতে ফটো উঠাৰ বাবেহে ব্যস্ত হোৱা দেখা গ'ল দলীয় কৰ্মীক৷ আমগুৰিৰ গৌৰীসাগৰত স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী উদ্ধোধনৰ বাবে উপস্থিত হ'ল কৃষিমন্ত্ৰী অতুল বৰা৷
ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰী পাৰ স্থিত গৌৰীসাগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰীগৰাকীৰ আগমণৰ বিষয়ে জ্ঞাত হোৱাৰ পাছত সাধাৰণতে ৰোগীয়ে চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগা হোৱা চিকিৎসালয়খনত শিৱসাগৰ জিলা প্ৰশাসনৰ বিষয়াসকলক ভিৰ কৰা দেখা গ’ল৷ স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী শুভাৰম্ভ কৰিলেও চিকিৎসালয়খনৰ পৰা নতিদূৰত অৱস্থিত নিজ বিভাগৰে পৰিত্যক্ত কাৰ্য্যালয়টো পৰিদৰ্শন কৰিবলৈ সময় নহ'ল মন্ত্ৰীগৰাকীৰ৷
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে তিনিটাকৈ বানে বিধ্বস্ত কৰা কৃষকসকলক জোৰা মাৰিব পৰাকৈ বিনামূলীয়া কঠিয়া যোগান ধৰিব নোৱাৰিলে চৰকাৰে৷ অন্যহাতেদি কৃষিমন্ত্ৰীগৰাকীয়ে চৰকাৰ প্ৰশাসন মিলি শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷ শিৱসাগৰ জিলাৰ পথাৰসমূহত শেহতীয়াকৈ চৰহাপোকৰ আক্ৰমণ, দুখীয়া প্ৰকৃত খেতিয়কে কে চি চি ঋণ পোৱা আদি সম্পৰ্কতো চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে৷
গৌৰীসাগৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচীৰ শুভ উদ্ধোধন কৰিলেও ইয়াৰ দাতিকাঁষৰীয়া গৌৰীসাগৰ উন্নয়ন খণ্ড, কৃষি বিষয়াৰ কাৰ্য্যালয়, প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অপৰিস্কাৰ চৌহদে কাৰ্য্যসূচীৰ ফোপোলা স্বৰূপ উদঙাই দিলে৷ সাংবাদিকৰ সন্মুখত পৰিত্যক্ত কৃষি বিভাগৰ কাৰ্য্যালয়টো পৰিদৰ্শন কৰাৰ বুলি আশ্বাস দিও কিন্তু মন্ত্ৰীগৰাকীয়ে কনভয়েৰে সৈতে শিৱসাগৰ নগৰলৈহে ঢাপলি মেলে৷