
নলবাৰীঃ আজি নলবাৰী জিলাৰ বেলশৰ দেৱালয় প্ৰাংগনত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) অভিযানৰ সামৰণি অনুষ্ঠান আৰু গান্ধী জয়ন্তী জিলা ভিত্তিত উদযাপন কৰা হয়।
নলবাৰী জিলা পানী যোগান আঁচনি কৰ্মচাৰী সন্থাৰ উদ্যোগত তথা দেৱালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্যিক পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা বিষয়া মোজাম্মিল হক, আন কেইবাজনো বিশিষ্ট লোক সহ সহস্ৰাধিক লোকে উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ ৰাখি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ স্বচ্ছ ভাৰতত এতিয়া সকলো বিষয়তে স্বচ্ছতা দেখিবলৈ পোৱা গৈছে। মাথো ৰাইজৰ সহযোগ দৰকাৰ। মহামানৱ মহাত্মা গান্ধী আছিল এগৰাকী স্বচ্ছ লোক। কিন্তু সমাজৰ এচামে তেওঁৰ আদৰ্শক আন দিশেৰে চাই মাথো ৰাজনীতি হে কৰি আছে।
বিগত ৭০ বছৰে এনে ৰাজনীতি কৰি ভাৰতবৰ্ষক পিছুৱাই নিছে। কিন্তু মোডীৰ শাসনত আজি চৌদিশে স্বচ্ছতাৰে উন্নয়ন বিকাশ সাধন হবলৈ ধৰিছে বুলিও দোহাৰে মন্ত্ৰী পাটোৱাৰী।