
নগৰবেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ কালাতলী-চাম্পুপাৰাত বন বিভাগে অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল আৰু মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷
সোমবাৰে নিশা অভিযান চলাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া ভূপেন দাসৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে কালাতলীৰ দাসপাৰা আৰু চাম্পুপাৰাত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰে৷ অভিযান কালত বন বিভাগে চোৰাং কাঠ জব্দ কৰিবলৈও সক্ষম হয়৷
পিছত মিলৰ সামগ্ৰী আৰু জব্দ কৰা কাঠ নগৰবেৰাৰ বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ কাঠৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে বন বিভাগে অভিযান চলাই কাঠৰ মিল উৎসাত কৰাত ৰাইজে বন বিভাগৰ শলাগ লয়৷