
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ শ্ৰী শ্ৰী শ্যামা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সোমবাৰৰ পৰা গোৰেশ্বৰত আৰম্ভ হ'ব। গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈ অহা শ্ৰী শ্ৰী শ্যামা পূজা উৎসৱটিয়ে এই বেলি ৫২ বছৰ অতিক্ৰম কৰিছে। এই উপলক্ষে স্থায়ী মন্দিৰৰ শুভ উদ্বোধন আৰু স্থায়ী বিগ্ৰহ প্ৰতিষ্ঠা লগত সংগতি ৰাখি সোণালী জয়ন্তী বৰ্ষ ১৬ৰ পৰা ২০ অক্টোবৰৰ লৈ পাঁচ দিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা হৈছে।
উদযাপন সমিতিৰ যুটীয়া সম্পাদক স্বৰণ সাহা আৰু মদন সাহাই জানিব দিয়া মতে সোমবাৰে পুৱা ৭-৩০ বজাত মুখ্য দ্বাৰ উন্মোচন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰতন ঘোষে। ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমলা কান্ত দাসে। স্মৃতি তৰ্পন কৰিব অৱসৰ প্ৰাপ্ত অধ্যক্ষ অবিনাশ ৰয়ে। ৯ বজাত বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰিব গংগা আনায়ন আৰু ধৰ্মীয় শোভাযাত্ৰাৰ। ১১ বজাৰ পৰা বিগ্ৰহ প্ৰতিষ্ঠা, বৈদিক পূজা পাঠ, নাম কীৰ্ত্তন আৰু নাগাৰা নাম আয়োজিত হ'ব।
১৭ অক্টোবৰৰ কাৰ্যসূচী মৰ্মে ৮ বজাত সামূহীয়া চাফাই, ৯ বজাত বৃক্ষ ৰোপন অনুষ্ঠিত হ’ব৷ দিনৰ ২ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু ধৰ্মীয় আলোচনা চক্ৰ। নিশা ৮ বজাত বাউল গীত পৰিৱেশন কৰিব ৰামচৰণ দাস আৰু শংকৰ দাসে।
১৮ অক্টোবৰৰ মুখ্য কাৰ্যসূচী মৰ্মে সন্ধিয়া ৬ বজাত শ্যামা সংগীত পৰিৱেশন আৰু ৮ বজাত পালা কীৰ্ত্তন অনুষ্ঠিত হ'ব।
১৯ অক্টোবৰত কেবাজনো বিশিষ্ট ব্যক্তিয়ে মন্দিৰত প্ৰদীপ প্ৰজ্বলন কৰিব। ২০ অক্টোবৰত সন্ধিয়া ৫ বজাত আলোক সজ্জা অনুষ্ঠানে দৰ্শকক বিশেষ আমোদ দিব। ইয়াৰ পিছতে বিটিচিৰ ই. এম মহেশ্বৰ বসুমতাৰীয়ে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব। উদযাপন সমিতিয়ে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।