সোণাৰিঃ টাই আহোম যুৱ পৰিষদ, অসমৰ সোণাৰি আঞ্চলিক সমিতি গঠনৰ উদেশ্যে আজি এখন সভা হোটেল গ্ৰীণ ভিউত অনুষ্ঠিত হয়।

সভাত তত্ত্বাৱধায়ক হিচাপে উপস্থিত থাকে টায়পাৰ কেন্দ্ৰীয় মুখপাত্ৰ চাও মোহন দিহিঙীয়া, সহ সম্পাদক চাও নিতোল গগৈ, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পৰীক্ষিত চাংমাই আৰু সম্পাদক উদীপ্ত গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷

সভাত জয়ন্ত গগৈক সভাপতি, পল্লব বৰগোহাঁইক কাৰ্যকৰী সভাপতি, হিৰকজ্যোতি গগৈক সম্পাদক হিচাপে লৈ ২৫ জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়।