ডিজিটেল ডেক্স, তেজপুৰঃ সাধাৰণতে পেট্ৰ’লৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সকলোৱে পেট্ৰ'লৰ খৰচৰপৰা বিৰত থাকিব লাগে বুলি কৈ ফুৰে। কিছু কিছু চেলিব্ৰেটিয়ে মাজে-সময়ে চাইকেল চলোৱাও দেখা যায়। কিন্তু এয়া মাথোঁ ক্ষণিকৰ বাবেহে। নিজকে প্ৰচাৰৰ এক অংশস্বৰূপে এইধৰণৰ ভেল্কিবাজী কৰি থাকে। 

কিন্তু এইখন সমাজতেই এনে কিছু লোক আছে যিয়ে প্ৰকৃতাৰ্থত হৃদয়ংগম কৰিব পাৰে মূল্যবৃদ্ধিৰ যান্ত্ৰণা। আনহাতে প্ৰতিনিয়ত পেট্ৰ'ল-ডিজেলৰ প্ৰাদূৰ্ভাৱত পৰিৱেশ প্ৰদূষণৰ মাত্ৰাও দ্ৰুতগতিত বাঢ়ি গৈছে। চৰকাৰ-প্ৰশাসন, পৰিৱেশবিদ, পৰিৱেশ সংৰক্ষণকাৰী কোনো সংস্থাই এই সন্দৰ্ভত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাটো পৰিতাপৰ কথা। 

পেট্ৰ’ল ৰাহি কৰি স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। তাৰ বাবে বিভিন্ন পন্থা থকাৰ উপৰিও প্ৰতিনিয়ত মটৰবাইকৰ চালন কিছু পৰিমাণে ৰোধ কৰিব পাৰি। এই কথাষাৰ শিৰোধাৰ্য কৰি এক নতুন বাৰ্তা লৈ বাবুল দে নামৰ গুৱাহাটীৰ ব্যৱসায়ী এজনে আৰম্ভ কৰিছিল এক সজাগতামূলক চাইকেল যাত্ৰা। 

যোৱা ১৩ অক্টোবৰত গুৱাহাটীৰপৰা আৰম্ভ কৰা এই চাইকেল যাত্ৰা যোৰহাট, ধেমাজি হৈ দেওবাৰে তেজপুৰত উপস্থিত হয়। স্বাস্থ্য সজাগতাৰ উদ্দেশ্যে বাবুল দেৰ এই যাত্ৰা পুনৰ গুৱাহাটীতে সমাপ্ত হ'ব যদিও তদ্ৰুপ কোনো পৰিৱেশ সংৰক্ষণৰ শ্ল'গান লৈ ওলাই আহিবনে? এয়া এক চিন্তনীয় বিষয়।