তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিৰ ন-মাইলত দেওবাৰে সন্ধিয়া ৭ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত এজন লোক নিহত আৰু আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকজন তামুলপুৰৰ খোপনিকুছিৰ সঞ্জয় বসুমতাৰী (২২)। ইপিনে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন চাৰিজন যুৱক ক্ৰমে সাগৰ ৰামচিয়াৰী, হোচেইন আলি, মুক্তাৰ আলি আৰু অহেদ আলি।

জানিব পৰা মতে, ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিৰ ন-মাইলত ৰঙিয়া অভিমুখী এখন তীব্ৰবেগী বাছ এখনে মটৰচাইকেল (এ এছ-২৫কে ৪১৫১) আৰু এখন স্কুটী (এ এছ -১৪ এইছ ৭৪১৩) বহুদূৰ মহটিয়াই লৈ যায়।

গুৰুতৰভাৱে আহত লোক কেইজনক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাত চিকিৎসকে সঞ্জয়ক মৃত বুলি ঘোষণা কৰে আৰু চাৰিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছখনে পলায়ন কৰে বুলি জানিব পৰা গৈছে।