অৰ্ধ লক্ষাধিক টকা জৰিমনা সংগ্ৰহ।। বহু বাহনৰ বিৰুদ্ধে যানবাহন আইনৰ অধীনত গোচৰ পঞ্জীয়ন।।

তামোলপুৰঃ ৰঙিয়া-তামোলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ১২৭ নং (ডি) পথটো অতি সম্প্ৰতি কিলাৰ হাইৱেত পৰিণত হৈছে। বিগত তিনিদিনত তামোলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুচিত আৰু উলুবাৰী পাৰ্বতী চকত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত চাৰিজনকৈ লোক নিহত হোৱাৰ পিছত আজি ৰাতিপুৱাৰে পৰা তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত, গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়ো, বাক্সা জিলা পৰিবহন বিভাগৰ যানবাহন পৰিদৰ্শক ৰঞ্জিত কুমাৰ দাস আৰু তামোলপুৰ অসামৰিক প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসৰ সহযোগত ৰঙিয়া-তামোলপুৰ-ভূটান পথত যানবাহনৰ বিৰুদ্ধে অভিযান চলোৱা হয়।
তামোলপুৰৰ গোৰেশ্বৰ চ'ক, তামোলপুৰ বাণিজ্য মহাবিদ্যালয়, দ্বাৰকুচিকে ধৰি তামোলপুৰৰ বিভিন্ন ঠাইত অভিযানকাৰীৰ বৃহৎ দলটোৱে অভিযান চলায়। দলটোৱে দুচকীয়া, তিনিচকীয়া, চাৰি চকীয়া ট্ৰাক, ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ বিৰুদ্ধে অভিযান চলাই বাহন সমূহৰ নথি-পত্ৰ তন্ন তন্ন কৈ পৰীক্ষা কৰে। প্ৰকৃত আৰু উপযুক্ত নথি-পত্ৰ নথকা যানবাহন, অতিৰিক্ত বোজাই কঢ়িওৱা বাহন আদিৰ বিৰুদ্ধে চলা অভিযানত অভিযানকাৰীৰ দলটোৱে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰি আইন অমান্য কৰা বাহন সমূহৰ পৰা আজিৰ দিনটোত অৰ্ধলক্ষাধিক টকাৰ জৰিমনা সংগ্ৰহ কৰিছে।
আজি নিশাৰ ভাগলৈকে চলা এই অভিযানত বহু যানবাহনৰ বিৰুদ্ধে যানবাহন আইনৰ অধীনত কেইবাখনো বিভিন্ন শ্ৰেণীৰ বাহনৰ বিৰুদ্ধে গোচৰও পঞ্জীয়ন কৰা হৈছে বুলি তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে। পথচাৰীৰ সুৰক্ষাৰ বাবে ১২৭ নং (ডি) ৰঙিয়া-তামোলপুৰ-ভূটান পথত নথি-পত্ৰ বিহীন যানবাহন আৰু অতিৰিক্ত বোজা কঢ়িয়াই অনা যানবাহনৰ বিৰুদ্ধে নিৰৱচ্ছিন্ন ভাবে অভিযান অব্যাহত থাকিব বুলিও আৰক্ষী পৰিদৰ্শক অসীম বৰাই জানিবলৈ দিছে।
তামোলপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক গৰাকীৰ এনে পদক্ষেপক সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ উপৰিও সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা নোহোৱা কৰা উদণ্ড গাড়ী চালক সকলক নিয়ন্ত্ৰণ কৰাৰ বাবেও ৰাইজে আৰক্ষী বিষয়া গৰাকীক কঠোৰ নীতি গ্ৰহণ কৰিবলৈও অনুৰোধ জনাইছে।
অভিজিৎ তালুকদাৰ,তামোলপুৰ