09
Feb
2019

তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰা হয়। লগতে চাৰিজন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন জুৱাৰী চাৰি গৰাকী হৈছে চুনফু ব্ৰহ্ম, চমেন বড়ো, আব্দুল লতিব আৰু ৰিন্টু আলীক। উল্লেখ্য যে, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্ব আৰক্ষী দলে এটাই এক গোপন সুত্ৰৰ পোমখেদি বৰখাটা চকত অভিযান চলাইছিল।
অভিযানকালত আৰক্ষীৰ দলটোৱে ঘাটিটোৰপৰা জুৱাৰ সামগ্ৰী, নগদধন ৩০১০ টকা, চাৰিটা মোবাইল, দুখন বাইক জব্দ কৰি থানালৈ লৈ আনে। জব্দকৃত বাইক দুখনৰ নম্বৰ এছ ০১ এ এন ৪৬২০ আৰু এ এছ ০১ টি ৫৬৩১। ইপিনে জুৱাৰী চাৰিজনৰ বিৰুদ্ধে তামুলপুৰ থানাত এটা গোচৰ ৰুজু কৰি জেলহজুতলৈ প্ৰেৰণ কৰে।