♦ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি
♦ গৌজোন ফৌথাৰ (সমন্বয় ক্ষেত্ৰ)ত উৎসৱমুখৰ পৰিৱেশ

অভিজিৎ তালুকদাৰ, তামুলপুৰঃ অহা ৭, ৮ আৰু ৯ জানুৱাৰীত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থা, চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিৱেশন।
গৌজোন ফৌথাৰ (সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে। প্ৰায় এক কোটি টকা বাজেট নিৰ্ধাৰণ কৰা এবছুৰ কেন্দ্ৰীয় অধিৱেশনত প্ৰায় এহেজাৰ বৰ্গফুট মাটিকালি সামৰি এখন প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ'ব৷
লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা বিশেষকৈ দিল্লী, চণ্ডীগড়, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আদিৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰপৰাও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই অধিৱেশনত৷
এই অধিৱেশনতে ভাৰতৰ ক্ষুদ্ৰ ৰাজ্য দাবী সমিতি (এন এফ এন এচ)ৰো এখন কাৰ্যকৰী সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে আদৰণি সমিতিয়ে।
প্ৰায় ৭০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এবছুৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে পাঁচ শতাধিক স্বেচ্ছা সেৱক-সেৱিকাৰ সামৰিক কুচকাৱাজ আৰু নৃত্য শিল্পীৰ নৃত্যগীতৰ অনুশীলনে অধিৱেশনস্থলীত এতিয়া উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে এৱছুৰ এই অধিৱেশনৰ পাছতে হয়তো পৃথক বড়োলেণ্ডৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিব।