তামুলপুৰঃ ইউ টি চিৰ বিৰোধিতা আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণক লৈ আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত মঙলবাৰে দ্বিতীয় দিনা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গুৱাবাৰীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ 

একাংশ আক্ৰাছুৰ সদস্যই জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰী বজাৰৰ দোকান বন্ধ কৰাৰ আহ্বান জনোৱাৰ সময়তে স্থানীয় ৰাইজ আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ সৃষ্টি হয়৷

জানিব পৰা মতে বন্ধ সমৰ্থকসকলে এখন মাল কঢ়িওৱা টেম্প’ভানত আক্ৰমণ কৰি গ্লাছ ভাঙি দিয়াৰ লগতে ড্ৰাইভাৰজনকো মাৰধৰ কৰে৷ ফলত অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজ ওলাই আহি বন্ধ সমৰ্থকসকলৰ সৈতে তৰ্ক-বিতৰ্কৰ লিপ্ত হয় ৷ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷