♦ অসম-অসমীয়াক বিপৰ্যয়লৈ ঠেলা চৰকাৰৰপৰা বড়োসকলক সুৰক্ষিত কৰিবলৈকে লাগে পৃথক বড়োলেণ্ড

তামুলপুৰঃ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে হুংকাৰ দি কয় যে বড়োসকলক সুকীয়া ৰাজ্য দিবই লাগিব।

মঙলৰাৰে তামুলপুৰৰ কুমাৰীকাটাৰ গৗজন ফৗথাৰত এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলনত বড়োলেণ্ড ধ্বনিৰে 'ডিভাইড আছাম ফিফটি ফিফটি’ ধ্বনিৰে মুখৰিত হ’ল গৗজন ফৗথাৰ সমন্বয় ক্ষেত্ৰ৷

এফালে অসমত ২৯ টা জাতীয় দল-সংগঠনৰ অসম বন্ধৰ প্ৰভাৱৰ মাজতে এবছুৰ কেন্দ্ৰীয় অধিৱেশনৰ এক উছৱমুখৰ পৰিৱেশত এবছুৰ ত্ৰিশখন জিলাৰ সভাপতিসকলৰ লগতে এবছু কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োই এবছুৰ মূল পতাকা উত্তোলন কৰে৷

পতাকা উত্তোলন কৰি এবছুৰ সভাপতিগৰাকীয়ে স্বেচ্ছাসেৱকসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে৷ সভাপতি বড়োৱে কুমাৰীকাটাৰ গৗজন ফৗথাৰৰপৰা নিজৰ ভাষণত পৃথক বড়ো ৰাজ্য গঠনৰ হুংকাৰ দিয়ে৷

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অসম নামৰ নাওখনত সকলো জাতি-জনগোষ্ঠীকে সামৰি এক বিপৰ্যয়ৰ ফালে লৈ অসমৰ অস্তিত্ব বিপন্ন কৰিবলৈ ওলাইছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলক সুৰক্ষা দিয়াতো ব্যৰ্থ হৈছে চৰকাৰ৷ সেয়ে আমি অসম নামৰ নাওখনৰপৰা আঁতৰি আহি সুকীয়া ৰাজ্যৰ দাবী সজোৰে উত্থাপন কৰিছোঁ৷ 

এই দাবী আৰু আমাৰ সংগ্ৰাম অবিৰতভাৱে অব্যাহত থাকিব বুলি কয় এবছু নেতা গৰাকীয়ে৷ অসম আৰু উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি অস্থিৰ হোৱাৰ মূলতে এসময় জাতীয় সংগঠনৰ নেতা তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল দায়ী বুলি কয়। লগতে বড়োৰাজ্য আমাক লাগিবই বুলি হুকাৰ দি জয় বড়োলেণ্ড ধ্বনিৰে গৗজন পথাঠৰ উত্তাল কৰি তোলে৷