ৰঙিয়াঃ বাক্সা জিলা বৃহত্তৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয়ৰ ৩৩ সংখ্যাক মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়।

মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে উচ্চ শাখাৰ অধ্যক্ষ মাননীয় ড° যোগেন বড়োই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৩৩ জোপা গছপুলি ৰোপন কৰা হয়।  

ইযাৰ পিছতে আৰম্ভ কৰা হয় ছাত্ৰ-ছাত্ৰী আৰু  অভিভাৱকসকলৰ এক মত বিনিময়  অনুষ্ঠান। অনুষ্ঠানটোত উদ্বোধনী ভাষণ ৰাখে ড° যোগেন বড়োৱে।

মত বিনিময় অনুষ্ঠানত তেওঁ কয় যে বৃহত্তৰ তামুলপুৰ মহকুমাত এতিয়ালৈ এখনো চৰকাৰী মহাবিদ্যালয় নাই। তামুলপুৰ মহাবিদ্যালয়ে আজি ৩৩ টা বছৰ পাৰ কৰাৰ পিছতো মহাবিদ্যালয়খন চৰকাৰীকৰণ নোহোৱাত তেওঁ আক্ষেপ প্ৰকাশ কৰে।

উক্ত অনুষ্ঠানত অজয় বডো, তামুলপুৰ আঞ্চলিক ছাত্ৰৰ সভাপতি দমন পাটোৱাৰী, বড়ো ছাত্ৰ সন্থাৰ সভাপতি বানেশ্বৰ বড়ো মহাবিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতি সম্পাদক প্ৰমূখ্যে  তামুলপুৰ মহকুমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখ্য যে, ১৯৮৪ চনত বৃহত্তৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰনগৰত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।