
তামুলপুৰঃ মঙলবাৰে দুপৰিয়া বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী কলবাৰীস্থিত বাসগৃহত উপস্থিত হয় মেকলিডছ ফাৰ্মাচিটিকেল নামৰ এক ঔষধ প্ৰতিস্থানৰ কৰ্মচাৰীবৃন্দ। বীৰ ছহিদ গৰাকীৰ পত্নী, পুত্ৰৰ আৰু কন্যাক লগ কৰি তেওঁলোকে গভীৰ সমবেদনা জ্ঞাপন কৰে।
প্ৰতিস্থানটোৰ প্ৰতিনিধিৰ দলটোৱে বীৰ ছহিদ মনেশ্বৰ সুমতাৰীৰ পৰিয়াললৈ ৫ লাখ টকা আৰ্থিক অনুদান (চেক) আগবঢ়ায়। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত প্ৰতিস্থানটোৰ সহকাৰী পৰিচালক নীহাৰ ৰঞ্জন বেহৰাই জানিবলৈ দিয়ে যে প্ৰতিস্থানটোৱে পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা ৪০ গৰাকী বীৰ ছহিদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক অনুদান আগৱঢ়াব বুলি ঘোষণা কৰিছিল।
প্ৰতিনিধি দলটোত কোম্পানীটোৰ সহকাৰী পৰিচালক নীহাৰ বেহেৰা, আৰ এছ এম সন্দিপ বেনাৰ্জী, এফ এছ এম সহদত হুছেইন, পি এছ অ’ হেমেন ডেকাকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।