
তামুলপুৰঃ তামুলপুৰৰ বিভিন্ন ঠাইত এতিয়াও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ চেঁচাপানী, দৰঙাপাৰ, আঙাৰকাটাত বন্য হস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান, পথাৰৰভ পকা ধান খাই তহিলং কৰে৷
বন্যহস্তীৰ তাণ্ডৱত সম্পূৰ্ণ গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল৷ আনকি কাপোৰ কানি, চাউল-দাইলো নষ্ট কৰে হাতীৰ জাকটোৱে। ফলস্বৰূপে অনাহাৰে অনিদ্ৰাই থাকিব লগা হৈছে ক্ষতিগ্ৰস্ত লোকসকল ৷ হাতীৰ আক্ৰমণৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো শিশু-মহিলাসহ অসুস্থ লোকৰ৷
উল্লেখ্য যে বিগত বহু দিন ধৰি বন্য হস্তীৰ জাক এটাই সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত ৰাখিছে তাণ্ডৱ৷ হাতীৰ আক্ৰমণত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীটোৰ লগতে হাতীৰ জাকটো খেদি পঠিৱাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷ জানিব পৰা মতে হাতীৰ বৃহৎ জাকটোৱে নিশা গাঁৱত উপদ্ৰৱ চলায় পুৱা ৰঙিয়া-ভূটান ঘাইপথ পাৰ হৈ ভূটান সীমান্তৰ বগাজুলী সংৰক্ষিত বনাঞ্চলত অৱস্থান কৰি আছে৷