
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ৷ দেওবাৰে নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলি, নাৰায়ণপুৰ, নবিনগাঁও আদি অঞ্চলত খাদ্যৰ সন্ধানত পাহাৰৰপৰা নামি অহা বন্য হস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলাই জয়ন্ত বিশ্বাস, দ্বিজেন বিশ্বাস নামৰ লোক কেইজনৰ উপৰিও আন কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান, ভঁৰালৰ ধান খাই তহিলং কৰে৷
আনকি ঘৰৰ ভিতৰত থকা কাপোৰ-কানি, চাউল-দাইলো নষ্ট কৰাৰ উপৰিও ঘৰৰ আচবাব-পত্ৰও ভাঙি-ছিঙি নষ্ট কৰে। হাতীৰ এই বৃহৎ জাকটোৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে শিশু-মহিলাসহ কেইবাজনো অসুস্থ লোক ৷
উল্লেখ্য যে বিগত বহু দিন ধৰি বন্য হস্তীৰ জাক এটাই সীমান্তৱৰ্তী অঞ্চলটোত অব্যাহত ৰাখিছে তাণ্ডৱ ৷ হাতীৰ আক্ৰমণত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীৰ জাকটো খেদি পঠিৱাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷