22
Aug
2017

তামুলপুৰঃ ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগা হৈছে৷ ঘৰ-দুৱাৰ হেৰুৱাই আশ্ৰয় শিবিৰত থাকিব লগা হোৱা লোকসকলক ৰাজ্য চৰকাৰে পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
তাৰ মাজতে ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানপীড়িত লোকসকলক সহায় কৰি আহিছে৷ বাক্সা জিলাৰ তামুলপুৰ ৰয়েল ব্লু ষ্টাৰ ক্লাৱে পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰে৷ ক্লাৱটোৱে বান সাহায্য সংগ্ৰহ কৰি বানাক্ৰান্ত অঞ্চলত খাদ্য-সামগ্ৰী বিতৰণ কৰিব৷