
তামুলপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে তামুলপুৰ মহকুমাতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।
বৃহস্পতিবাৰে সন্ধিয়া বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাই কুমাৰীকাটাত বিশাল জোঁৰ সমদল কাৰ্যসুচী ৰূপায়ণ কৰে। সন্ধিয়া ৬ বজাত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কুমাৰীকাটাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ চেকীয়াবস্তীস্থিত কাৰ্যালয়ৰপৰা কুমাৰীকাটা-জালাহ পথ হৈ কুমাৰীকাটাস্থীত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোডী গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক, গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, বি জে পি চৰকাৰ মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে কুমাৰীকাটাৰ পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীত বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু বাজগায় সম্পাদক মাধৱ চেত্ৰী কুমাৰীকাটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা সভাপতি ফুলমণি পাঠক সম্পাদক চক্ৰপাণী উপাধ্যায় লগতে বাক্সা জিলা সাতটা আঞ্চলিক লগতে শাখা ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত থাকে।