তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ কচুবাৰী শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহ মহোৎসৱ শনিবাৰৰেপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে। 

কাৰ্যসূচী অনুসৰি আজি পুৱা আঠ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে থান সত্ৰৰ প্ৰাক্তন সম্পাদক নৰেন শৰ্মাই। তোৰণৰ দ্বাৰ উদ্বোধন কৰে সমাজকৰ্মী স্বপন সিংহই। মন্দিৰৰ দ্বাৰ উদ্বোধন কৰে থান সত্ৰৰ  প্ৰাক্তন সভাপতি হলধৰ দাস আৰু বন্তি প্ৰজ্বলন কৰে গনেশ ৰাভাই।

স্মৃতি তৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই। কাশ্মীৰৰ পলুৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা বীৰ ছহিদ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ছহিদ মনেশ্বৰ  বসুমতাৰীৰ পৰিয়ালবৰ্গই।

স্বেচ্ছাসেৱক বাহিনীৰ কাৰ্যালয় উদ্বোধন কৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰি সভাপতি মহেন্দ্ৰ নাথ দাসে। ভোজনালয় গৃহৰ দ্বাৰ উদ্বোধন কৰে থান সত্ৰৰ প্ৰাক্তন দেউৰীৰ নাতি প্ৰবীণ কুমাৰ দাসে।  বানিজ্যমেলাৰ দ্বাৰ উদ্বোধন কৰে তামুলপুৰ আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সুৰেন ৰাভাই। ইয়াৰ পাছতেই পুৱা এঘাৰ বজাত থান সত্ৰ পৰিচালনা সনিতিৰ সভাপতি ধনেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গৰখীয়া সবাহ উদ্বোধন আৰু ধৰ্মালোচনী সভাখন উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োই। 

সভাত বিশিষ্ট অতিথিৰ ভাষণত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয়, ভগৱান অবিহনে সংসাৰ নচলে। সেইজনা ভগৱানৰ নিৰ্দেশতে আমি চলি আছোঁ। সেয়ে ভগৱানৰ প্ৰতি ভক্তিভাব জগাই তোলা উচিত। কিন্তু আমি পাহৰি যাওঁ তেওঁৰ সৃষ্টি কৰ্ম আৰু বিপদত পৰিলে পুনৰ ভক্তিভাব উদ্বেলিত হয়। 

বক্তব্য প্ৰসংগত সাংসদগৰাকীয়ে এই বুলিও কয়, অসমৰ কামাখ্যা মন্দিৰৰ শক্তি সৰ্বজনবিদিত আৰু  আৰু ফলো লাভ কৰে। তেনেকৈ তামুলপুৰৰ ইতিহাস প্ৰসিদ্ধ কচুবাৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰখনৰ মাহাত্ম্য আৰু শক্তি ব্যাপক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ হ’লে থানখন উপকৃত হ’ব।

সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কয়, গৰখীয়া মানে গোপাল অৰ্থাৎ কৃষ্ণৰ অৱতাৰ। ধৰ্মৰ লগত সমাজ জড়িত বুলি উল্লেখ কৰি কয়,    ঈশ্বৰ সৰ্বশক্তিমান। সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি তেওঁ কয় যে পদ্ধতিগতভাৱে অনুশীলন কৰাই হ’ল পূজা। শিশুকালৰপৰা গাৰ্হস্থ্য জীৱনলৈ দীৰ্ঘ সময়ছোৱা পদ্ধতিগত জীৱন। ধৰ্ম উপলব্ধিৰ বস্তু। ইয়াক মনত স্থাপন কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, ভগৱান আৰু ঈশ্বৰৰ মাজত মৌলিক পাৰ্থক্য আছে যিয়ে ভোগ কৰে সি ভগৱান আৰু ঈশ্বৰ সৰ্বশক্তিমান। গৰখীয়া কৃষ্ণৰ বাল্য ৰূপ অৰ্থাৎ গোপাল। শ্ৰীকৃষ্ণৰ মহাপ্ৰয়ানৰ পাছত কলি যুগৰ আৰাম্ভ হয় বুলি উল্লেখ কৰি কয়, কলি যুগৰ মানুহ ভাগ্যৱান। কাৰণ হৰিৰ নাম কীৰ্ত্তন কৰিয়েই মুক্তি লাভ কৰে। কিন্তু ত্ৰেতা আৰু দ্বাপৰ যুগত বছৰ বছৰ ধৰি হোম যজ্ঞ কৰিহে মুক্তি লাভ কৰে।

শংকৰদেৱ সঠিক পথ প্ৰদৰ্শক বুলি উল্লেখ কৰি তেওঁ কয় আৰু তেৱেঁই জগতৰ গুৰু আৰু তেনে দ্বিতীয়গাৰকী গুৰুৰ আবিৰ্ভাৱ হোৱা নাই। সভাত থান সত্ৰৰ অধীনৰ কৃতী ছাত্ৰ-ছাত্ৰী আৰু থান সত্ৰলৈ অনুদান আগবঢ়োৱা দাতা আৰু থানৰ সৈতে জড়িত ব্যক্তিসকলক মানপত্ৰ, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাত সমাজকৰ্মী লভি ৰাম ৰাভা, যতীন ৰাভা, ভবেন ৰাভা, গোপীনাথ দাস, হলধৰ দাস, ফুকন ডেকা, নাৰায়ন দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।