♦ তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

তামুলপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত সৰব সদৌ কৰ্মচাৰী পৰিষদ।
ভাষা, জাতি আৰু মাটিতকৈ চাকৰি ডাঙৰ নহয়৷ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে চাকৰি বিসৰ্জন দিবলৈ সাজু। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদৰ৷ কৰ্মচাৰী পৰিষদে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷
সেই অনুসৰি ৩০ জানুৱৰীত প্ৰতিখন জিলা আৰু মহকুমা সদৰত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হ’ব৷ সদৌ অসম ছাত্ৰ সন্থাৰ বজ্ৰনিনাদ কাৰ্যসূচীলৈও মুকলি সমৰ্থন দিছে সদৌ অসম কৰ্মচাৰী পৰিষদে৷
দেওবাৰে দিনৰ এঘাৰ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আনহাতে, সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবী সমূহ ১২ ফেব্ৰুৱাৰীৰ ভিতৰত সমাধান নকৰিলে তীব্ৰ আন্দোলনৰো হুংকাৰ দিছে কৰ্মচাৰী পৰিষদে৷