
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ কেঁকেৰীকুছি চ’কত আজি দিন দুপৰতে সংঘটিত এক ধন লুটৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, উত্তৰ পূব ক্ষুদ্ৰ বিত্তীয় বেংকৰ তুলসীবাৰী শাখাৰ দুগৰাকী ক্ৰেডিট বিষয়া সোণমণি কলিতা আৰু ভাস্কৰ কলিতাই ঔখাৰী গাঁৱৰপৰা আত্মসহায়ক গোটৰ ঋণৰ কিস্তিৰ ধন সংগ্ৰহ কৰি কেঁকেৰীকুছি গাঁৱৰ মাজেৰে নিজ কাৰ্যালয়লৈ আহি থাকোতে বেংক বিষয়া দুগৰাকীৰপৰা এই ধন লুট কৰি নিয়ে৷ এখন পালছাৰ বাইকত মুখত ক’লা কাপোৰ বান্ধি অহা, এ এছ ০১ ডি এল ৯৭১৬ নম্বৰৰ স্কুটীত আহি থাকোতে কেকেৰীকুছি চ’কত বিষয়া দুজনক বাট আগচি ধৰি মৃত্যুৰ ভাবুকি দেখুৱাই টকাৰ বেগটো কাঢ়ি লৈ যুৱক দুজন অহা বাটেৰে পলায়ন কৰে৷ বেংকৰ বিষয়া দুগৰাকীয়ে জনোৱা মতে, টকাৰ বেগত মাত্ৰ ৮,০০০ টকাহে আছিল৷ বাকী ধনখিনি স্কুটীত লুকুৱাই ৰখাৰ বাবে দুৰ্বৃত্তই এই ধন লুট কৰিব নোৱাৰিলে৷ আনহাতে বেংকৰ ক্ৰেডিট বিষয়া দুগৰাকীয়ে সেই সময়ত ওচৰতে কাম কৰি থকা তিনিজন মানুহৰ লগতে অন্য পথচাৰীৰ সহায় বিচাৰে যদিও কোনো সহাৰি নোপোৱাৰ অভিযোগ উঠিছে। পাছত দৌৰি দৌৰি সোণমণি কলিতা নামৰ মহিলা বেংক ক্ৰেডিট বিষয়াগৰাকীয়ে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়৷ আনহাতে ঘটনাটো ঘটাৰ কিছু সময় পাছতে আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু দুৰ্বৃত্তক আটক কৰাৰ বাবে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰে৷ উল্লেখযোগ্য যে ১৯৯৮ চনত উৰুকাৰ নিশা এই কেঁকেৰীকুছিতে দুৰ্বৃত্তই ১৭ গৰাকী লোকক হত্যা কৰিছিল।