
newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই থানাখনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছিল যোৱা ৩০ জুনত৷ আৰক্ষী বিষয়াগৰাকীয়ে এটা গোচৰৰ জামিন সন্দৰ্ভত এজন লোকৰ পৰা ৬০ হেজাৰ টকা বিচাৰিছিল যদিও লোকজনে এজন দালালৰ জৰিয়তে ৬ হাজাৰ দিবলৈ ৰাজি হৈছিল৷
তাৰ পিছতে লোকজনে আৰক্ষী বিষয়াই টকা বিছৰাৰ অভিযোগ দিছিল দুৰ্নীতি নিবাৰক শাখাক আৰু মুনীৰ দত্তক টকাৰ সৈতে হাতে লোটে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ তামুলপুৰ মহকুমাত আৰক্ষীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই বুধবাৰে নিশা৷
এইবাৰ তামুলপুৰ আৰক্ষী থানাত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কেইবা ঘন্টা ধৰি অভিযান চলায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে। তামুলপুৰ থানাৰ অন্তৰ্গত দলংপাৰ গাঁৱৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত অতৰ্কিতে এই অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই।
জানিব পৰা মতে, তামুলপুৰ টাউনৰ সমীপৰ দলংপাৰ গাঁৱৰ পংকজ কলিতা নামৰ লোকজনৰ এখন ডিআই গাড়ী নথি পত্ৰৰ খেলিমেলিৰ বাবে তামুলপুৰ আৰক্ষীয়ে থানালৈ আনে। গাড়ীখন মোকোলাই দিয়াৰ বিনিময়ত তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন্দ্ৰ নাথ শৰ্মাই ৫ লাখ টকা দাবী কৰে৷ দাবী কৰা ধন নিদিলে গাড়ী মোকোলাই নিদিয়াৰ কথা উল্লেখ কৰে৷
তাৰ পিছতে গাড়ীৰ গৰাকী পংকজ কলিতাৰ পত্নী মামণি কলিতাই এক লাখ টকা দিবলৈ সাজু হয়৷ তেতিয়া আৰক্ষী বিষয়া উপেন্দ্ৰ নাথ শৰ্মাই টকা খিনি কনিষ্টবল হাফিজ আলীৰ হাতত দি গাড়ী নিবলৈ কয়৷ গাড়ীৰ গৰাকী পংকজ কলিতাৰ পত্নী মামণি কলিতাই পিছমুহূৰ্ততে দুৰ্নীতি নিবাৰক শাখাক অভিযোগ প্ৰদান কৰে৷
অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ দল থানাত উপস্থিত হয়৷ মহিলাৰগৰাকীৰ সৈতে দুৰ্নীতি নিবাৰক শাখাৰ লোকে থানাত উপস্থিত হৈ কনিষ্টবৰ হাফিজ আলীক টকা দিয়াৰ সময়তে হাতে লোটে ধৰে যদিও দুৰ্নীতি নিবাৰক শাখৰ লোকক প্ৰত্যক্ষ কৰি পলাই পত্ৰং দিয়ে৷
মামণি কলিতাৰ মতে, তেওঁলোকে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন্দ্ৰ নাথ শৰ্মাক এক লাখ টকা আদায় দিবলৈ আহে। বিষয়াগৰাকীয়ে এই ধন খিনি থানা খনৰ গৃহৰক্ষী বাহিনীৰ জোৱান হাফিজ আলিক দিবলৈ কয়। হাফিজে টকাখিনি গ্ৰহণ কৰি হিচাপ কৰাৰ পিছত নোট কেইখনত কিহবাৰ প্ৰলেপ প্ৰত্যক্ষ কৰি সন্দেহ কৰে। তেতিয়া টকাখিনি হাফিজ আলীয়ে মামণি কলিতাক বলপূৰ্বক উভতাই দিয়ে।
সেই সময়তে দুৰ্নীতি নিবাৰক শাখাৰ লোকে থানাৰ ভিতৰত প্ৰৱেশ কৰে। তাৰ পিছতে হাফিজ আলীয়ে পলায়ন কৰে৷ দলটোৱে কেইবা ঘণ্টা ধৰি থানাত অভিযান চলায়। হাফিজৰ কোঠাত দলটোৱে তালাচী চলাই বিভিন্ন সামগ্ৰী জব্দ কৰে। ইফালে দুৰ্নীতি নিবাৰক শাখাৰ এগৰাকী বিষয়াই মামণি কলিতাৰ অভিযোগৰ ভিত্তিত তেওঁলোকে অভিযান চলাই বুলি কয়৷
তামুলপুৰ মহকুমা আৰক্ষী বিষয়া আৰু তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুগৰাকীক পলাতক অৱস্থাত থকা হাফিজ আলীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে দুৰ্নীতি নিবাৰক শাখাই।