তামুলপুৰঃ ছহিদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰৰ কলবাৰীৰ বাসগৃহত শুকুৰবাৰে আবেলি পাঁচ বজাত অসম চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম উপস্থিত হয়৷ তেওঁ ছহিদ গৰাকীৰ পৰিয়ালৰ স’তে মত বিনিময় কৰি শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে৷

আনহাতে তিনি মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ খা-খবৰ লোৱাৰ উপৰিও যাৱতীয় কাম-কাজসমূহৰ অগ্ৰগতি সম্পৰ্কত বুজ লয়৷ সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় যে ছহিদ মনেশ্বৰ বসুমতাৰী আমাৰ দেশ আৰু জাতিৰ গৌৰৱ৷

ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দিনা অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী-আমোলা, বি টি চিৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থকাৰ কথা৷ আজি বাক্সা জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে,  মহকুমাধিপতি সুজিত বাগলাৰীয়ে শ্ৰাদ্ধথলী পৰিদৰ্শন কৰি স্থানীয় বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, গাঁওবাসী, আদ্য শ্ৰাদ্ধ পৰিচালনা সমিতি, বি পি এফ দলৰ কৰ্মকৰ্তাসকলৰ স’তে আলোচনাত মিলিত হয়৷