তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ থানাৰ অন্তৰ্গত ঘগ্ৰাচকত সোমবাৰে আছুৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি ১২ বজাত তামুলপুৰ ঘগ্ৰাচকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ  প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

উক্ত কাৰ্য্যসূচীত প্ৰতিবাদী সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপিৰ গুণ্ডামি নচলিব, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, শ্লোগানে তামুলপুৰৰ ঘগ্ৰাচক উত্তাল কৰে। 

ইফালে, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি নলবাৰী কাণ্ডৰ লগত জড়িত  গুণ্ডা বাহিনীক ধিক্কাৰ দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত গান্ধীবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, কুমাৰীকাটা, দ্বাৰকুছিতো আছুই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাস প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।