newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ বৃহত্তৰ তামুলপুৰ মহকুমাৰ বিধস্ত ৰাস্তা ঘাট আৰু পয়ালগা স্বাস্থ্য সেৱা উন্নত কৰাৰ দাবীত আজি তামুলপুৰ  জ্যেষ্ঠ  নাগৰিক মঞ্চৰ উদ্যোগত ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাচকত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷

পুৱা ন বজাৰ পৰা দিনৰ এঘাৰ বজালৈ ৰূপায়ন কৰা পথ অৱৰোধ কাৰ্যসূচীত জ্যেষ্ঠা নাগৰিক সকলে হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ তামুলপুৰৰ বিধস্ত ৰাস্তা-ঘাট-দলং মেৰামতি কৰক ,পয়ালগা স্বাস্থ্যসেৱা উন্নত কৰক,

তামুলপুৰত এশ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰক, গৰ্ভৱতী মহিলাৰ প্ৰসৱ কালীন চিকিৎসা সেৱাৰ দিহা কৰক , বি টি চি প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায় হিমন্ত বিশ্ব শৰ্মা হায় হায়, আদি শ্লোগান দি জ্যেষ্ঠ নাগৰিক সকলে পথ অৱৰোধস্থলী উত্তাল কৰি তোলে৷

পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ প্ৰেছ ক্লাৱৰ সদস্য সকল৷ নিৰ্মলা মহিলা সমাজ আশা দৰ্শন ট্ৰাষ্ট, তামুলপুৰ আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সকল উপস্থিত থাকে৷

পথ অবৰোধৰ অন্তত জ্যেষ্ঠ নাগৰিক মঞ্চই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তামুলপুৰ মহকুমাধিপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।