11
Dec
2018

তামুলপুৰঃ তামুলপুৰ থানাৰ অন্তৰ্গত নাগ্ৰিজুলী আৰক্ষী চকীৰ অধীনস্থ বিমলা নগৰত মঙলবাৰে উদ্ধাৰ হৈছে এটা ৰকেট লাঞ্চাৰ।
বাল্টি নদীৰ পাৰত খেলি থকা অৱস্থাত কেইজনমান চেমনীয়াই প্ৰত্যক্ষ কৰে ৰকেট লাঞ্চাৰটো। তেওঁলোকে লগে লগে স্থানীয় ৰাইজক বিষয়টো অৱগত কৰে। ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। সেনা আৰু আৰক্ষীয়ে সেনাৰ বোমা বিশেষজ্ঞ দলৰ লগত যোগাযোগ অব্যাহত ৰাখে।
পৰবৰ্তী সময়ত সেনাৰ বোমা বিশেষজ্ঞই বোমাটো নিষ্ক্ৰিয় কৰিব বুলি জানিব পৰা গৈছে। সম্প্ৰতি সেনা আৰু আৰক্ষীয়ে বোমাটোৰ চৌদিশে পহৰা দি আছে।
আৰক্ষীৰ ভাষ্য মতে, ৰকেট লাঞ্চাৰটো 2006ৰ সেনাৰ ফায়াৰিং ৰেঞ্জৰ সময়ত ৰৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। সম্প্ৰতি বিমলা নগৰ অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ যে এঘাৰ অক্টোবৰতো এনে এটা ৰকেট লাঞ্চাৰ উদ্ধাৰ হৈছিল।