
তামুলপুৰঃ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱৰ দেওবাৰে দ্বিতীয় দিনা অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সমূহৰ প্ৰদৰ্শনেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই তামুলপুৰ মহকুমাবাসীৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াইছে সমন্বয়ৰ বাৰ্তা৷ সাংস্কৃতিকভাৱে চহকী তামুলপুৰত ইতিপূৰ্বৰেপৰা বসবাস কৰি অহা বড়ো-কছাৰী, ৰাভা, টোটলা, শৰণীয়া-কছাৰী, মদাহী, কোঁচ-ৰাজবংশী, নেপালী, গোৰ্খা, হাজং, বৰ্মন-কছাৰী, বাঙালী, মুছলমান, বামুন, কলিতা আদি জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিয়ে তামুলপুৰ অঞ্চলটো মহিয়ান কৰি তুলিছে৷
আজি শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত তাৰেই প্ৰতিফলন ঘটিল। প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি সমুহ প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া কৃষ্টি বেণ্ডপাৰ্টি, সত্ৰীয়া নৃত্য, বিয়া নাম, শিশু-কৃষ্ণৰ লীলা আদি কৃষ্টি সমূহৰ প্ৰদৰ্শনে সাংস্কৃতিক শোভাযাত্ৰাটো বিশেষ মাত্ৰা প্ৰদান কৰিছে।
সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভুতি ডেকাই। শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষনত ডেকাই কয়- তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনে গৌৰৱজ্বল পঁচিশটা বছৰ অতিক্ৰম কৰিলে ই অঞ্চলটোৰ বাবে গৌৰৱৰ বিষয়। নিকেতনখনে শিক্ষাৰ ক্ষেত্ৰত তামুলপুৰ অঞ্চলটো এঢাপ আগবঢ়াই নিছে। বক্তব্য প্ৰসঙ্গত ডেকাই লগতে কয়- নিকেতনখনৰ ৰূপালী জয়ন্তী উৎসৱৰ সফলতাৰ লগতে নিকেতনখন চিৰদিন ৰূপালী হৈ শিক্ষাৰ মানদণ্ড বঢ়াওক।
কাৰ্যসূচী অনুসৰি দুপৰীয়া মুকলি সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে শিশু শিক্ষা সমিতিৰ বিভাগ নিৰীক্ষক অখিলেশ শৰ্মা আৰু নিকেতনৰ প্ৰাক্তন প্ৰধান আচাৰ্য অমৰেন্দ্ৰ শৰ্মাই। ইয়াৰ পিচতেই ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি মুকুন্দ দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতিয়াই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষনত চুতিয়াই কয়- অসমৰ শিক্ষাব্যৱস্থা টনকিয়াল কৰাত শংকৰদেৱ নিকেতন, জাতীয় বিদ্যালয় আদি শিক্ষানুস্থানে যথেষ্ট অৰিহনা আগবঢ়াইছে।
পাঠদানৰ আৰাম্ভণীৰেপৰা আচৰণ নিয়মানুবৰ্তিতাত গুৰুত্ব দিয়া এনে বিদ্যালয়ৰ ফলাফল সন্তোষজনক সেয়ে নিকেতনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষন বৃদ্ধি পাইছে। বক্তব্য প্ৰসঙ্গত চুতিয়াই কয়- মানুহ নিৰ্মাণ কৰা আৰু ব্যক্তিত্ব গঢ়াই শিক্ষাৰ মুল উদ্দেশ্য। সভাত নিৰ্দিষ্ট বক্তাৰ আসনৰপৰা শিশু শিক্ষা সমিতি অসমৰ সভাপতি নিৰ্মল বৰুৱাই কয়- শিক্ষাৰ বৈশিষ্ট হ’ল শিক্ষা আৰু সংস্কাৰ। সম্প্ৰতি সংস্কাৰ স্খলন হৈছে। সংস্কাৰ স্খলন হলে হতাশাৰ সৃষ্টি হয় আৰু তেতিয়া অবাটে গতি কৰে। সমাজ সংস্কাৰ হলেহে দেশ সংস্কাৰ হ’ব। সভাত অসম শিশু শিক্ষা সমিতিৰ সভাপতি বশিষ্ট ডেকা, শিশু শিক্ষা সমিতিৰ বিভাগ নিৰীক্ষক অখিল শৰ্মা, তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাক্তন প্ৰধান অচাৰ্য অমৰেন্দ্ৰ শৰ্মা, নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন ডেকা, নিকেতনৰ প্ৰধান আচাৰ্য সুৰেন্দ্ৰ নাথ কলিতাই অংশ গ্ৰহন কৰে।
আনহাতে, ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। প্ৰদৰ্শনীত অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ আৰু কিছুমান সজুলি প্ৰদৰ্শন কৰা হয়। অসমৰ কৃষকসকলে ধানৰ বীজ সংৰক্ষণ কৰি ৰখা পুৰণি টোপা, গৰু গাড়ীৰ চকা, কৃষকৰ সঁজুলি, প্ৰাচীন সাচি পাত, ৰেডিঅ’ আদি প্ৰদৰ্শন কৰা হয়। ইয়াৰোপৰি প্ৰদৰ্শনীত চিত্ৰকলা প্ৰদৰ্শন কৰা হয়।