শিৱসাগৰঃ পঞ্জাৱৰ জলন্ধৰত অহা ১৭-১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব টাং চু ডুৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা৷ ৰাষ্ট্ৰীয় স্পৰ্টচ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে বুধবাৰে অসম দল ঘোষণা কৰে অসম টাং চু ডু সমিতিয়ে৷

দলটোত আন আন জিলাৰ লগতে শিৱসাগৰৰ আঁঠজন প্ৰতিযোগী আৰু দুজন বিচাৰকৰ নাম অন্তৰ্ভুক্ত হৈছে। কৃষ্ণানন বৰুৱা, লাবানুজ বৰগোহাঞি, মৌচুম গগৈ, দীপজ্যোতি গগৈ, অনুৰণ বুঢ়াগোহাঞি, মনোৰণ্জন গগৈ, লাকীমণি চেতিয়া আৰু শিৱানী প্ৰিয়দৰ্শিনী বুঢ়াগোহাঞি অসম দলৰ বাবে নিৰ্বাচিত হয়। বিচাৰক হিচাপে নিৰ্বাচিত হয় বিচিত্ৰ বুঢ়াগোহাঞি আৰু মানস প্ৰতিম কোৱঁৰে।