10
Mar
2017

মঙলদৈঃ মঙলদৈ চহৰৰ ব্যৱসায়ী তপন সাহাৰ ব্যৱসায়ী প্ৰতিষ্ঠানত আজি আয়কৰ বিভাগে তালাচী চলায়৷ বৃহস্পতিবাৰে মঙলদৈৰ তপন সাহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান মাতৃ ভাণ্ডাৰ আৰু সাহাৰ গুদামত আয়কৰ বিভাগৰ অভিযান চলে।
তেজপুৰ আৰু মঙলদৈ জিলা আয়কৰ বিভাগৰ এটি দলে পুৱা দহ বজাৰ পৰা মঙলদৈ ৩নং ৱাৰ্ডত থকা সাহাৰ নিজ বাসভৱনৰ সৈতে সংলগ্ন গুদামত প্ৰথমে অভিযান চলায়। পিছত দলটোৱে সাহাৰ ব্যৱসায়ী প্ৰতিষ্ঠান মাতৃ ভাণ্ডাৰত নামৰ পাইকাৰী দোকানত অভিযান চলায়। অভিযানকাৰী দলটোৱে সাংবাদিকৰ আগত কোনো তথ্য প্ৰকাশ কৰা নাই।