
ধুবুৰীঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰথমে মানুহৰ মৃত্যু হ'ল৷ এজন, দুজন, তিনিজন নহয় প্ৰায় ৭০ গৰাকীকৈ লোকে প্ৰাণ বিসৰ্জন দিলে বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে৷ এতিয়া যেন কোনেও বাচি নাযায়৷ মানুহ জীৱ-জন্তু কোনেও এতিয়া সাৰি যাব নোৱাৰে বিদ্যুৎ বিভাগৰ হাতোৰাৰ পৰা৷
১৪ জুনত বিদ্যুৎ বিভাগৰ গাফিলতিৰ প্ৰথম চিকাৰ হৈছিল পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু আনোৱাৰ হুছেইন নামৰ এজন লোক৷ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লয় ছাত্ৰজন।
তাৰ পাছৰে পৰা উজনি-নামনিত পথত পৰি থকা তাঁৰ, জংঘলত পৰি থকা তাঁৰ আৰু বানৰ পানীত পথত জমা হৈ থকা তাঁৰত লাগি এতিয়া লৈ প্ৰায় ৭০ গৰাকী লোকে অকালতে মৃত্যু মুখত পৰিছে৷ কিশোৰ, দীপলিপ ছাত্ৰী, নৱ বিবাহিত দম্পতি কোনেও বাছি যাব পৰা নাই বিভাগটোৰ পৰা৷
তিনিদিন পূৰ্বলৈ মানুহ চিকাৰ হৈ আছিল যদিও এইবাৰ বিদ্যুৎ বিভাগৰ গাফিলতিত জীৱ-জন্তুৰ মৃত্যু হ’ব ধৰিছে৷ দুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেং থানাৰ অন্তৰ্গত উমখ্ৰেমি হাতেৰে চুব পৰাকৈ তথা মাটিৰ পৰা ১০-১২ ফুট ওপৰেৰে টানি নিয়া উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় এটি বনৰীয়া হাতীৰ৷
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীটোৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ হয় মৰাপাট খেতিৰ মাজত৷ বৃহস্পতিবাৰে ধুবুৰীৰ গৌৰীপুৰত উন্মূক্ত এটি বিদ্যুৎ ট্ৰান্সফৰ্মাৰত লাগি গৰুৰ মৃত্যু হয়৷ গৌৰীপুৰৰ আশাৰীকান্দিৰ পালপাৰাত এই ঘটনা সংঘটিত হয়৷ মুষলধাৰ বৰষুনৰ মাজতে উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি ঘাহ খাই থাকোতেই মৃত্যু হয় গাভিনী গাইটোৰ৷ দীৰ্ঘদিনৰ পৰা উন্মুক্ত ট্ৰান্সফৰ্মাৰটো বেৰ দিবলৈ ৰাইজে দাবী জনাই আহিছিল।