21
May
2017

মৰিয়নীঃ ৰেলেৰে ঢলা-শদিয়া দলং পৰিদৰ্শনৰ বাবে আজি তিনিচুকীয়ালৈ ৰাওনা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
মৰিয়নীত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি অৰ্পণ পিছতে এনেদৰে এছিয়াৰ দীৰ্ঘতম দলংখন পৰিদৰ্শনৰ বাবে ৰাওনা হয় গগৈ।
গগৈয়ে মৰিয়নিৰ কিংশুক ক্লাবৰ সন্মুখত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু তিথি পালন কৰা কংগ্ৰেছ কৰ্ম-কৰ্তাৰ সৈতে মত বিনিময় কৰে৷
মৃত্যু তিথিত উপস্থিত থাকি প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।
অনুষ্ঠানটোত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে কংগ্ৰেছ দলৰ বহু বিষয়-ববীয়া আৰু কৰ্মী উপস্থিত থাকে।
অনুষ্ঠানৰ শেষত গগৈয়ে ঢলা-শদিয়া দলং পৰিদৰ্শনৰ উদ্দেশ্যে অবধ আচাম ৰেলেৰে তিনিচুকীয়ালৈ ৰাওনা হয়।