
কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰিত দিন-দুপৰতে সংঘটিত হোৱা লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত থকাৰ সময়তে ছালাকাটিস্থিত লাফিকুলৰ বাসগৃহত আজি উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটি সঁজাতি দল। গুৱাহাটীৰ পৰা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে পোনে পোনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ক্ৰমে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদে লাফিকুলৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
♦ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে, ক'লে তৰুণ গগৈয়ে
♦ চিবিআই তদন্তত পলম হ'লে সাক্ষ্য প্ৰমাণ নষ্ট হোৱাৰ আশংকা গগৈৰ
♦ সুস্থ নোহোৱাকৈ আহত শুভংকৰক ৰিলিজ দিয়াত হতবাক গগৈ
♦ ন্যায়াধীশৰ তত্বাবধানত তদন্ত প্ৰক্ৰিয়া চলোৱাৰ পোষকতা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সুকীয়া সুকীয়াভাৱে লাফিকুলৰ পিতৃ-মাতৃ, ভগ্নী আৰু ভাতৃৰ সৈতে বিষয়টো সন্দৰ্ভত আলাপ-আলোচনাত মিলিত হয় আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে এবিএমছুৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয় আৰু উক্ত আলোচনাকালতে এবিএমছুৱে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ পিছৰে পৰা বৰ্তমানলৈকে সকলো পৰিৱেশ পৰিস্থিতিৰ কথা বিতংভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে।
তীব্ৰ ক্ষোভ আৰু দুখেৰে এবিএমছুৰ প্ৰতিনিধি দলটোৱে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ আগত আৰক্ষীৰ ব্যৰ্থতা আৰু জিলা আৰক্ষী অধীক্ষকৰ ভূমিকা সন্দৰ্ভত অৱগত কৰি বৰ্তমানৰ আৰক্ষী অধীক্ষকগৰাকীৰ বাবেই বহু প্ৰত্যক্ষদৰ্শী থকা সত্বেও আৰক্ষীৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰি ঘটনাৰ সাক্ষী দিয়া নাই বুলি অৱগত কৰিছে। লাফিকুলৰ পৰিয়ালৰ সকলো সদস্য আৰু এবিএমছুৰ প্ৰতিনিধি দলৰ সতে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে মত বিনিময় কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এবিএমছুৰ সভাপতি লাফিকুলৰ ইছলাম আহমেদৰ হত্যাকাণ্ড পূৰ্বপৰিকল্পিত বুলি মন্তব্য কৰে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে দিন-দুপৰতে জনতাৰ চকুৰ সন্মুখত অত্যাধুনিক মাৰণাস্ত্ৰেৰে ১২ জাঁই গুলীৰে থকাসৰকা কৰি হত্যা কৰা কাৰ্য প্ৰকৃততে আইন-শৃংখলাৰ অৱনতি আৰু সাধাৰণ জনতাৰ নিৰাপত্তাহীনতাকে প্ৰমাণ কৰিছে। লাফিকুলৰ হত্যাকাণ্ডৰ চিবিআই বা নিয়াৰ দ্বাৰা তদন্তৰ দাবী উত্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জনাত চিবিআইক গোচৰটো দিয়াৰ বাবে ৰাজ্য চৰকাৰে অদ্যপি ফৰ্মেলিটি সম্পূৰ্ণ কৰা নাই।
চিবিআইক সময়মতে গোচৰটো অৰ্পণ নকৰিলে বা দেৰিকৈ দিলে সাক্ষ্য প্ৰমাণ নষ্ট হোৱাৰ আশাংকা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লাফিকুল হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষতাৰ স্বাৰ্থত মহামান্য উচ্চ বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাবধানত কৰাটো উচিত বুলি মন্তব্যৰে প্ৰয়োজনবশত কংগ্ৰেছে আদালতৰ আশ্ৰয় ল'ব বুলি সদৰী কৰিছে।
চিবিআইয়ে হওঁক বা নিয়াই হওঁক তদন্তকাৰী সংস্থাক স্থানীয় প্ৰশাসনৰ সহায় লাগিবই বুলি উল্লেখেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে যিহেতু স্থানীয় জনতাই বৰ্তমানৰ আৰক্ষী অধীক্ষকজনৰ প্ৰতি সন্দেহৰ আঙুলি টোৱাইছে সেয়েহে তেওঁক বদলি কৰাত চৰকাৰৰ আপত্তি কত বুলি প্ৰশ্ন উত্থাপনেৰে সাতদিন পিছতো হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতাৰ বাহিৰে আন একো নহয় বুলি গগৈয়ে মন্তব্য কৰিছে। ৰাজ্যত আইন শৃংখলা আৰু সন্ত্ৰাসবাদৰ উখ্বান ঘটা বুলি মন্তব্যৰে জনতাক নিৰাপত্তা প্ৰদান কৰিবলৈও তৰুণ গগৈয়ে দাবী উত্থাপন কৰিছে।
লাফিকুলৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ পিছতে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে পিছত লাফিকুল হত্যাকাণ্ডৰ সময়ত গুলীবিদ্ধ হোৱা শুভংকৰ চক্ৰবৰ্তীৰ বাসগৃহত উপস্থিত হৈ আহত শুভংকৰ চক্ৰবৰ্তীৰ আশু আৰোগ্য কামনা কৰে। সম্প্ৰতি শয্যাশায়ী হৈ থকা শুভংকৰৰ অৱস্থা দেখি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী হতবাক হৈ পৰে আৰু সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাল কৰ্তৃপক্ষই আহত শুভংকৰক তেনে অৱস্থাতে ৰিলিজ দিয়া কাৰ্যক কঠোৰ সমালোচনা কৰে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদিহে চৰকাৰে শুভংকৰৰ চিকিৎসাৰ দায়িত্ব নলয় তেনেহলে কংগ্ৰেছ দলে শুভংকৰৰ চিকিৎসাৰ দায়িত্ব লবলৈ সাজু বুলি মন্তব্যৰে মুমুৰ্ষ শুভংকৰক কি যুক্তিত চিকিৎসালয় কৰ্তৃপক্ষই ৰিলিজ কৰি দিলে সেয়া বিচাৰ্যৰ বিষয় বুলি মত ব্যক্ত কৰে।
ইপিনে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনেও লাফিকুল হত্যাকাণ্ডৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰি আহত শুভংকৰ চক্ৰৱৰ্তীৰ প্ৰতি দেখুওৱা অমানবীয় আচৰণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। কংগ্ৰেছ দলে শুভংকৰৰ চিকিৎসাৰ ব্যায় বহন কৰিবলৈ প্ৰস্তুত বুলি মন্তব্যৰে লাফিকুল হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্তৰ বাবে মহামান্য উচ্চ বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাবধানত তদন্তৰ পোষকতা কৰি এইক্ষেত্ৰত ন্যায়ালায় কাষ চপাৰ চিন্তা চৰ্চা কৰা হব বুলি মত প্ৰকাশ কৰিছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়তো উপস্থিত হৈ লাফিকুল ইছলাম আহমেদৰ স্মৃতিত অনুষ্ঠিত হোৱা এক শোকসভাতো অংশগ্ৰহণ কৰে। লক্ষণীয়ভাৱে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ আগমনত ছালাকাটি আজি লোকে লোকাৰণ্য হৈ পৰে আৰু সকলোৱে লাফিকুল হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া যাতে আধাতে গেঠেলা নামাৰে তাৰ বাবে কংগ্ৰেছক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।
উল্লেখ্যে যে, এবিএমছুৰ সহ সম্পাদক মইনুদ্দিন আলিৰ নেতৃত্বত আজি এবিএমছুৰ এটি সঁজাতি দলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতত দাবী সম্বলিত এক স্মাৰকপত্ৰও প্ৰদান কৰে যত লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত চিবিআইক অৰ্পণ কৰা, কোকৰাঝাৰ আৰক্ষী অধীক্ষকক নিলম্বন কৰা, বিটিএডিৰ অবৈধ অস্ত্ৰ বাজেয়াপ্ত কৰা, ছালাকাটি আৰক্ষী চকীত থানালৈ উন্নীতকৰণ, জীৱন সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া আদিকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনৰ প্ৰতি সমৰ্থন কৰিবলৈ আহ্বান জনাইছে।