বৰক্ষেত্ৰীঃ তৌফিক তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। আন দহ গৰাকী ছাত্ৰৰ দৰে তেওঁ সপোন দেখিছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতকত নামভৰ্তি কৰিব। তৌফিকৰ সপোন আছিল পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ৷

কিন্তু তৌফিকৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে সকলো সপোন চূৰমাৰ হৈ গ’ল৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে তৌফিকৰ পিতৃৰ মৃত্যু হয়৷ এসাজ ভাত, সন্তানৰ পঢ়া-শুনাৰ খৰছৰ বাবে সংগ্ৰাম কৰিছিল তৌফিকৰ পিতৃয়ে৷ হঠাৎ পৰিয়ালটোৰ উপাৰ্জনকাৰীৰ মৃত্যুত পুত্ৰ তৌফিকে পৰিয়ালৰ সমস্ত দায়িত্ব ল'বলগীয়াত পৰে৷

পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ সপোন দেখা তৌফিকে দৰিদ্ৰ পৰিয়ালৰ স্বাৰ্থত দহ বছৰ পূৰ্বে শিক্ষা আধাতে সাং কৰি ওলাই আহিছিল ঘৰৰ পৰা। তেতিয়াৰ ১৯ বছৰীয়া যুৱক তৌফিকে গুৱাহাটীৰ বিভিন্ন ঠাইত দিন হাজিৰা-শ্ৰম কৰি অৰ্থ উপাৰ্জনেৰে পৰিয়াল চলাইছিল৷

কিছু বছৰ তেনেকৈ কাম কৰাৰ অন্তত বিদ্যুৎ বিভাগৰ উলুবাৰী উপ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰাৰ সুবিধা পায়৷ অমায়িক নিৰ্জু তৌফিক উলুবাৰী উপ-সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ আপোন হৈ একেৰাহে ৫ বছৰ কাম কৰে যদিও ২৫ জুলাইত এক অঘটনৰ সন্মুখীন হয় তৌফিক৷ 

যোৱা ২৫ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত বিদ্যুতৰ ৬৫ ফুট ওখ খুঁটাত উঠি কাম কৰি থাকোতেই কেনেবাকৈ ওপৰৰ পৰা তলত পৰে৷ যাৰ ফলত অকাল মৃত্যুক আকোৱালি লয় নলবাৰী জিলাৰ সোণাপুৰৰ তৌফিক ৰহমানে৷ 

চাৰিবছৰীয়া সন্তান মাতৃ আৰু পত্নীয়ে এতিয়া কেৱল চকুলো টুকি দিন পাৰ কৰিছে৷ গাঁওখনৰ সকলোৰে আপোন তৌফিক ৰহমানৰ মৃতদেহ ঘৰ আহি পোৱাৰ পাছত গাঁওখনৰ সকলোৱে কান্দিছিল৷ মাতৃ, পত্নী আৰু চাৰিবছৰীয়া সন্তানক কোনেও সান্ত্বনা দি ৰখাব পৰা নাছিল৷

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৩০ বছৰীয়া তৌফিকৰ মৃত্যুৰ পাছত এতিয়া দিক-বিদিক হেৰুৱাইছে পৰিয়ালটোৱে। উলুবাৰী উপ-সংমণ্ডলৰ সহায়ক হিচাপে কাম কৰিছিল যদিও তৌফিকৰ চাকৰি নিয়মীয়া হোৱা নাছিল৷ প্ৰায় ৫ বছৰ কাল এগৰাকী লোকে কাম কৰাৰ পাছতো তৌফিকৰ চাকৰি নিয়মীয়া নোহোৱাতো পৰিতাপৰ কথা৷

বিভাগে তৎকালীন ২,৫০,০০০ টকাৰ সাহায্য আগবঢ়াছে যদিও সেয়া পৰিয়ালটোৰ বাবে পৰ্যাপ্ত নহয় বুলি কয় তৌফিকৰ পত্নীয়ে। কেইটামান টকাৰ বিনিময়ত পাঁচ বছৰ কাম কৰাৰ পাছতো চাকৰি নিয়মীয়া নোহোৱাৰ ফলত আজি পৰিয়ালটো সুৰক্ষিত নহয় বুলি স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰে৷

স্থানীয় ৰাইজে তৌফিকৰ পত্নীক এটি চাকৰি দিবলৈ শক্তি মন্ত্ৰী পল্লৱলোচন দাসক দাবী জনায়৷ তৌফিকৰ চাৰিবছৰীয়া কন্যা চিমি ৰহমানে মাতৃৰ কোলাত বহি অপেক্ষা কৰি ৰৈছে যেন পিতৃ আকৌ উভতি আহিব।