
বেতবাৰীঃ ৰাজ্য চৰকাৰে নতুনকৈ ২২ খন মহবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰিব খোজাত জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন। দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে টাই আহোম যুৱ পৰিষদে অসমৰ মাটি পানীৰ লগত সৈতে কোনো সম্পৰ্ক নথকা দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰিব খোজা কাৰ্যক ধিক্কাৰ দি বিজেপিয়ে তোষামোদৰ ৰাজনীতি কৰা বুলি কয়।
সংগঠনটোৱে এক বিবৃত্তিৰ জৰিয়তে সংগঠনটোৱে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কেন্দ্ৰীয় চৰকাৰে মহাবিদ্যালয় সমূহ নামাকৰণৰ বাবে কোনো নিৰ্দেশনা প্ৰেৰণ কৰা নাই বুলি কয়। সংগঠনটোৰ সভাপতি দিলীপ গগৈ, কাৰ্য্যকৰী সভাপতি লোহিত গগৈ আৰু সাধাৰণ সম্পাদক মিন্টু দেউধাই ফুকনে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰখনে কেৱল তোষামোদ আৰু স্বজন তোষণৰ নীতিৰে অসমত ২২ খনকৈ মহাবিদ্যালয়ৰ নামাকৰণ কৰিবলৈ লৈছে বুলি ক্ষোভ উজাৰে।
এই মহাবিদ্যালয় সমূহ নামকৰণ কৰিবলৈ অসমত বহুতো মহান মনীষী আৰু বীৰ বিৰাংগনা আছে বুলি কয়। জাতি মাটি ভেটিৰ কথা কৈ দিল্লী দিছপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ মানুহৰ আৱেগক ভেঙুচালি কৰি এজন বহিঃৰাজ্যৰ তথা অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রত কোনো সম্পৰ্ক নথকা ব্যক্তিৰ নামত ২২ খন মহাবিদ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত স্বাভাৱিকভাৱেই অসমৰ জনগণ চৰকাৰৰ প্ৰতি বিতশ্ৰদ্ধ হৈছে।
অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি চুকাফা, শংকৰদেৱ, মাধৱদেৱ, অজান ফকীৰ, লাচিত, চিলাৰায়, মূলগাভৰু, সতী সাধিনী, নাৰায়ণ আদি ঐতিহাসিক ব্যক্তিৰ লগতে অসমৰ সাহিত্য-সংস্কৃতি ৰাজনীতিক মহীয়ান কৰা পদ্মনাথ গোহাঞি বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, আনন্দৰাম বৰুৱা, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, বিৰাংগনা কনকলতা, মুকুন্দ কাকতি, আইদেউ সন্দিকৈ আদিৰ নামত কৰিব পাৰিলেহেঁতেন বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে।
নাগপুৰীয়াৰ নিৰ্দেশত চলা ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ পুৰোধা ব্যক্তিসকলক উপেক্ষা কৰি অসমত নতুনকৈ স্থাপন কৰা ২২ খন মহাবিদ্যালযৰ নাম দীনদয়াল উপাধ্যায়ৰ নামত উৎসৰ্গা কৰিছে। অসমৰ বিজেপি নেতা সকলে এতিয়া হিন্দী-হিন্দু-হিন্দুত্ব চিনি পাই বুলি কটাক্ষ কৰে সংগঠনটোৱে। সেয়ে অসম-অসমীয়া আৰু অসমীয়া ভাষা-সংস্কৃতিৰ বাবে অৱদান আগবঢ়াই যোৱা নতুবা ত্যাগ কৰি যোৱা কোনো অসমীয়া বীৰ পুৰুষ নতুবা মহান মনিষী তেওঁলোকৰ বাবে বৰ্তমান মূল্যহীন।
বিজেপি চৰকাৰৰ এনে স্থিতিক তাই আহোম যুৱ পৰিষদে কেতিয়াও সহজভাৱে লব পৰা নাই বুলিও কয় বিবৃতি যোগে। বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি লোহিত গগৈয়ে শৈক্ষিক ক্ষেত্রখন সদায় ৰাজনীতিৰ পৰা মুক্ত হোৱাটো বিচাৰে বুলি কৈ বিজেপি চৰকাৰখনে কেৱল তোষামোদ আৰু স্বজন তোষণৰ নীতিৰে অসমৰ মাটি পানীৰ লগত সৈতে কোনো সম্পৰ্ক নথকা দীনদয়াল উপাধ্যায়ৰ নামত অসমৰ ২২ খনকৈ মহাবিদ্যালয়ৰ নাম নামকৰণ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰা ভুলবোৰকে বিজেপিয়েও কৰা বুলি অভিযোগ কৰে।