গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতে সোমবাৰে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চই অনুষ্ঠিত কৰে "অসমক বচাওক, ভাৰতক বচাওক, বি জে পিক উৎখাত কৰক" শীৰ্ষক এক ৰাজ্যিক অভিৱৰ্তন।

দিনৰ ১১ বজাৰপৰা অনুষ্ঠিত উক্ত অভিৱৰ্তনত উপস্থিত থাকে ৰাজ্য প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি, জাতীয়-দল সংগঠনৰ প্ৰতিনিধি তথা শিল্পী-সাহিত্যক, লেখক-বুদ্ধিজীৱীৰ লগতে ভালে সংখ্যক সমাজ সচেতন লোক।

নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী মঞ্চৰ উদ্যোগত আয়োজিত অনুষ্ঠানটো পৰিচালনা কৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁয়ে। উল্লেখ যে আজিৰ এই অভিৱৰ্তনতে আগন্তক লোকসভাৰ নিৰ্বাচনত বি জে পিক শাসনৰ গাদীৰপৰা উৎখাত কৰাৰ বাবে সকলোকে আহ্বান জনায়। 

ক্ষমতাৰপৰা বি জে পিক কি কাৰণে উৎখাত কৰিব লাগে সেই সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে উদ্যোক্তাসকলে ১২ পৃষ্ঠাৰ এখন পুষ্টিকা প্ৰকাশ কৰি উলিয়াইছে। উক্ত পুস্তিকাখনত বি জে পি চৰকাৰৰ ব্যৰ্থতা, ভুৱা প্ৰতিশ্ৰুতি, জাতিধ্বংসী পৰিকল্পনা, দৰিদ্ৰ-পীড়িতৰ ওপৰত অত্যাচাৰ, দেশৰ সংবিধানক অৱমাননা কৰি গণতন্ত্ৰক কিদৰে হত্যা কৰিব খুজিছে তাৰ বিস্তৃত বৰ্ণনা দিয়া হৈছে।

ইয়াৰ উপৰিও পুস্তিকাখনত উল্লেখ কৰা হৈছে বি জে পি চৰকাৰৰ সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰসংগ। বি জে পি চৰকাৰে কেনেদৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি পুঁজিপতিৰ হাতত অৰ্পণ কৰিছে তাৰো সবিশেষ উল্লেখ কৰা হৈছে।

এই ৰাজ্যিক অভিৱৰ্তনখন আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিয়ে। তেওঁ কয়, "দেশত ব্ৰিটিছৰপৰা আৰম্ভ কৰি কংগ্ৰেছ আৰু জনতা দলৰ শাসন দেখিলোঁ। কিন্তু বি জে পিৰ দৰে ইমান ধৰ্মীয় গোড়ামীৰে শাসন কৰা দেখা নাছিলোঁ"। সেই বাবে এই সাম্প্ৰদায়িক দলক দেশৰপৰা উৎখাত কৰিব লাগে।

এই অভিৱৰ্তনত উপস্থিত থাকি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয় ধৰ্ম নিৰপেক্ষ দেশৰপৰা গোড়া হিন্দুত্ববাদক সম্পূৰ্ণ ৰূপত উৎখাত কৰিব লাগে। বি জে পিক উৎখাত কৰাৰ বাবে অসমৰ প্ৰতিটো জাতীয় দল-সংগঠনে আগন্তক লোকসভা নিৰ্বাচনত জড়িত হৈ ভোটৰ ভাষাৰে জবাব দিব লাগে।

এই অভিৱৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা শিক্ষাবিদ গজেন তালুকদাৰে কয় ভাৰতীয় সংবিধানে ৰাজনৈতিক দলসমূহক দিয়া অধিকাৰসমূহৰ অপব্যৱহাৰ হ’ব নালাগে। লগতে তাপৰ্যপূর্ণভাৱে তেওঁ কয় যি ৰাজনৈতিক দলে দেশৰ সংবিধানক শ্ৰদ্ধা কৰিব নাজানে সেই ৰাজনৈতিক দলৰ দেশ শাসন কৰাৰ অধিকাৰ নাই।

ইফালে অভিৱৰ্তনত কংগ্ৰেছ দলৰ পৰা উপস্থিত থাকে জয়নাথ শৰ্মা আৰু ববিতা শৰ্মা। অ গ প, চি পি আই, চি পি আই (এম) আদি ৰাজনৈতিক দলৰপৰাও থাকে প্ৰতিনিধি। জাতীয় দল-সংগঠন তৰফৰপৰা উপস্থিত থাকে ধৈৰ্য কোঁৱাৰ, ৰুবুল দাস প্ৰমুখ্যে বহু কেইটা সংগঠনৰ প্ৰতিনিধি। অভিৱৰ্তনখনত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা হাফিড ৰাছিদ চৌধাৰী, উদ্যাদিত্য ভৰালী, শিল্পী লোকনাথ গোস্বামী, মনজিৎ মহন্ত প্ৰমুখ্যে ভালে সংখ্যক গণ্য-মান্য ব্যক্তি।

আনহাতে এই অনুষ্ঠানত প্ৰাক্তন বিজেপি কর্মী মিৰা বৰঠাকুৰে বিস্ফোৰকভাৱে কয়, বি জে পিয়ে ৰাজ্যত প্ৰতিশ্ৰুতি দি এনেকুৱা পৰিৱৰ্তন আনিলে যত হত্যাকাৰী আজি বিধায়ক-সাংসদ হ’ল।