গুৱাহাটীঃ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰিছে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই। মঞ্চই এই মিত্ৰতাক ৰাজনৈতিকভাৱে হ’ব পৰা সবাতোকৈ ডাঙক লজ্জাজনক ঘটনা বুলি আখ্যায়িত কৰে।

এক সংবাদমেলত মঞ্চই কয়, 'শুনা গৈছে কেইখনমান আসন আৰু প্ৰচুৰ ধনৰ উপহাৰৰ বিনিময়ত অগপ দলে বিজেপিৰে পুনৰ মিত্ৰতাৰ সিদ্ধান্ত লৈছ।’ উক্ত সংবাদমেলত মঞ্চৰ অধ্যক্ষ ডঃ হীৰেন গোহাঁইয়ে লগতে কয়, চূড়ান্তভাৱে প্ৰতাৰিত হৈ বিশ্বাসঘাতক দলৰ লগত হাত মিলাইলে অগপ নেতৃত্বই। ফলত আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীক চূড়ান্তভাৱে হতাশ আৰু ক্ষুদ্ধ কৰিলে। নেতৃত্বৰ এনে সিদ্ধান্তই অগপ দলৰ নীতি-আদৰ্শৰ ভেটি উছন কৰিলে। ফলত অগপ দলটো এতিয়া বিশ্বাসঘাতক দললৈ পৰিণত হ’ল। অগপ দলৰ বিশ্বাসঘাতক নেতৃত্বই পুনৰ দেশ প্ৰেমৰ মুখা পিন্ধিলেও অসমৰ ভোটদাতা ৰাইজে এই দলৰ প্ৰাৰ্থী আৰু দেশদ্ৰোহী ষড়যন্ত্ৰৰ মূল নায়ক বিজেপিৰ প্ৰাৰ্থীক দৃঢ়তাৰে প্ৰত্যাখান কৰা বাবে তেওঁ আহ্বান জনায়।

ইফালে এই সংবাদ মেলতে উদয়াদিত্য ভৰালীয়ে কয় ৰাজনীতিত কিমান নিৰ্লজ্জ ঘটনা ঘটিব পাৰে, মিত্ৰতা কৰি তাৰে উদাহৰণ দিলে অগপই। লগতে তেওঁ কয় অগপ দলে পূৰ্বতেও ভুল কৰিছিল কিন্তু অসমৰ ৰাইজে নিজৰ সন্তান বুলি ভাবি সকলো ভুল ক্ষমা কৰি দিছিল। ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মিত্ৰতা ভংগ কৰোঁতা অনুভৱ কৰিছিল অগপ দলৰ সচেতনতা আহিছে বুলি। আনহে নালাগে ৰাইজে পুনৰ আকোঁৱালি লৈছিল অগপক। কিন্তু ৰাইজক পুনৰ বিশ্বাসঘাতকতা কৰি জাতিদ্রোহী বিজেপি লগত মিত্ৰতা কৰিলে। বিজেপিয়ে অগপ লগত বুজা-বুজি কৰি ধুবুৰী, বৰপেটা, কলিয়াবৰ যি তিনিখন আসন লাভ কৰিছে তাত একো নতুনত্ব নাই। কাৰণ সেই কেইটা সমষ্টিত বিজেপি কেতিয়াও জয়ী হ’ব নোৱাৰে। তাত যে অগপ জয়ী হ’ব সেয়াও সন্দেহৰ কথা। ইফালে এই সংবাদ মেলতে প্ৰতিজন নাগৰিকক আহ্বান জনাই কয় দেশদ্ৰোহী বিজেপি আৰু অসম বিৰোধী অগপ উৎখাত কৰিব লাগে। লগতে অসমৰ ৰাজনীতিত বিকল্প আঞ্চলিক ৰাজনৈতিক দলৰ ব্যৱস্থা কৰিব লাগে।

বিকল্প আঞ্চলিক ৰাজনৈতিক দল নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই অনাগত দিনত জন্ম দিব নিকি বুলি সাংবাদিকে প্ৰশ্ন সন্দৰ্ভত ডঃ হীৰেন গোহাঁই কয় মঞ্চই ৰাজনৈতিক দলৰ জন্ম নিদিয়ে, কিন্তু এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ বাবে জনমত হয়তো গঠন কৰিব পাৰে।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি অগপ তিনি পদত্যাগী মন্ত্ৰীয়ে আজি মিত্ৰতা কৰি পুনৰ পদত্যাগ-পত্ৰ মুখ্যমন্ত্ৰীৰপৰা ওভোটাই লোৱা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই সন্দেহ প্ৰকাশ কৰি কয় দুমাহ পূৰ্বে অগপ-বিজেপি মিত্ৰতা ভংগ এখন কেৱল নাটক আছিল। কাৰণ দুমাহ পূৰ্বে পদত্যাগ কৰাৰ-পত্ৰ কি কাৰণত ৰাজ্যপাললৈ প্ৰেৰণ কৰা নহ’ল সেই কথাতে অনুমান কৰিব পাৰি।

লগতে তেওঁ উল্লেখ কৰে ৩-৪ জন মানুহৰ ক্ষমতা আৰু ধনৰ লোভত আজি অগপ দলটো ধ্বংস হ’ল। ইয়াৰ উপৰিও তেওঁ কয় অগপ দলে দলীয় নিয়ম অনুসৰি মিত্ৰতা কৰাৰ প্ৰাকমুহূৰ্তত দলৰ তৃণমূল কর্মী সকলক লৈ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব লাগে। কিন্তু অগপ নেতৃত্বই কোনো সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত নকৰাকৈ কেৱল নিজৰ মতেই বিজেপি লগত মিত্ৰতা কৰিলে বুলি গুৰুত্ব অভিযোগ উথাপন কৰে।

আনহাতে আজি এই সংবাদ মেলৰ জৰিয়তে অগপ দলৰ জাতীয়তাবাদী কর্মীসকলক সকলোৱে আহ্বান জনায় কয় দলৰ ভিতৰৰপৰা ওলাই আহি অগপ নেতৃত্বক উচিত প্ৰত্যুত্তৰ দিব বাবে।