♦ ৭ মাৰ্চত সমগ্ৰ ৰাজ্যতে ঠিকা ভিত্তিক শিক্ষকসকলে উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ 

গুৱাহাটীঃ হয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰক, নহয় চাকৰি ম্যাদৰ চুক্তি পাঁচ বছৰীয়া কৰক। এই দাবী সদৌ অসম প্ৰাথমিক টেট উত্তীণ শিক্ষক সমাজৰ। 

ৰাজ্য চৰকাৰৰ বঞ্চনা বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলত কয় যে ২০১৬ৰ নিৰ্বাচনী ইস্তাহাৰত বি জে পিয়ে প্ৰতিশ্ৰুতি দিছিল যে দলটোৱে চৰকাৰ গঠন কৰিলে ৩০ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব। কিন্তু চৰকাৰ গঠনৰ তিনি বছৰৰ পাছতো চৰকাৰে এই প্ৰতিশ্ৰুতি ৰূপায়ণ কৰা নাই বুলি অভিযোগ কৰে শিক্ষক সমাজৰ কার্যকৰি সভাপতি ত্ৰৈলোক্য ডেকাই।

২০১২ চনত নিযুক্তি লাভ কৰা ৩০ হাজাৰ প্ৰাথমিক শিক্ষয়কৰ চাকৰি নিয়মীয়াকৰণ এতিয়ালৈকে কৰা নহ’ল। ইয়াৰ উপৰিও তেওঁ কয় যে ২০১২ চনত চৰকাৰে টেট উত্তীণ প্ৰাথমিক শিক্ষক সকলক নিযুক্তি দিওঁতে পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ কৰিছিল। সেই চুক্তি ম্যাদ ২০১৭ চনত শেষ হোৱাত বি জে পি চৰকাৰৰ শিক্ষা বিভাগে অতি লজ্জাজনকভাৱে প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকা ভিত্তিক শিক্ষকসকলক পুনৰ ১১ মাহৰ বাবে চুক্তি কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। যিটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। সেয়েহে তেওঁলোকৰ দাবী ঠিকাভিত্তিক টেট উত্তীণ প্ৰাথমিক শিক্ষক সকলক যেতিয়ালৈকে স্থায়ী নিযুক্তি নিদিয়ে তেতিয়ালৈকে পুনৰ পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰ কৰিব লাগে বুলি দাবী কৰে।

আনহাতে এই সংবাদ মেলতে সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয় অসম চৰকাৰে শিক্ষা অধিকাৰ আইনক অৱমাননা কৰিছে। কাৰণ তাত উল্লেখ আছে চৰকাৰে প্ৰতিজন শিক্ষকৰ চাকৰি স্থায়ী কৰিব লাগে নতুবা চাকৰি সুৰক্ষা ব্যৱস্থা কৰিব লাগে। কিন্তু অসম চৰকাৰ শিক্ষা বিভাগে ঠিকা ভিত্তিক শিক্ষকসকলৰ ক্ষেত্ৰত এটাও প্ৰযোজ্য কৰা নাই। 

আনহাতে তেওঁ স্থায়ী আৰু ঠিকাভিত্তিক শিক্ষক গ্ৰেড পে’ সন্দৰ্ভতো অভিযোগ ব্যক্ত কৰি কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সম কামৰ বাবে সমান দৰমহা পাব লাগে বুলি উল্লেখ কৰিছে। সেয়াও ঠিকা ভিত্তিক শিক্ষকসকলৰ ওপৰত প্ৰযোজ্য হোৱা নাই। তেওঁ সেই সন্দৰ্ভত কয় ৰাজ্য নিয়মীয়া প্ৰাথমিক শিক্ষক সকলে গ্ৰেড পে’ পাই ৭৪০০ টকা। কিন্তু একে কাম, একে দায়িত্ব সম্পাদন কৰি ঠিকা ভিত্তিক শিক্ষকে গ্ৰেড পে’ পায় ৬২০০ টকা।

আনহাতে এই সংবাদ মেলতে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উত্থাপন কৰি কয় যে ৰাজ্য প্ৰাথমিক বিদ্যালয়ত এতিয়ালৈকে তিনিবাৰ গুণোৎসৱ পাতিলে শিক্ষা বিভাগে। কিন্তু অতি পৰিতাপৰ কথা গুণোত্সৱৰ দুৰ্বল দিশসমূহ আজি পৰ্যন্ত কোনো সমাধানৰ ব্যৱস্থা কৰিব নকৰিলে ৰাজ্য চৰকাৰে। লগতে তেওঁ তাপৰ্যপূৰ্ণভাৱে কয় অসম চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছিল গুণোত্সৱত ভাল ফল দেখুৱা বিদ্যালয়সমূহক ২৫ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰিব বুলি।কিন্তু অতি দুৰ্ভাগ্য কথা তিনিবাৰ গুণোত্সৱ পাতি মাত্ৰ প্ৰথম বাৰ ভাল ফল দেখুওৱা বিদ্যালয়সমূহক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিলে। তাৰ পাছৰেপৰা কোনো টকা প্ৰদান কৰা নাই বুলিও তেওঁ জানিবলৈ দিয়ে।

আনহাতে এই সংবাদ মেলতে চৰকাৰৰ ৩০:১ সন্দৰ্ভত কয় চৰকাৰৰ এই নিয়মত ৰাজ্য শিক্ষা বিভাগ কেতিয়াও প্ৰযোজ্য কৰিব পৰা নাই। শিক্ষা বিভাগৰ আওকণীয়া মনোভাবৰ বাবে এজন শিক্ষকে 'ক' শ্রেণীৰপৰা পঞ্চম শ্রেণীলৈ এটা দিনতে ২৪ টাকৈ ক্লাছ কৰিব লগা হৈছে।

ইফালে এই সংবাদ মেলতে সংগঠনটোৱে জানিবলৈ দিয়ে যে চাকৰি নিয়মীয়াকৰণৰপৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰাপ্য দাবীসমূহৰ সমাধান কৰাৰ দাবীৰে ৭ মাৰ্চত সমগ্ৰ ৰাজ্যতে ঠিকা ভিত্তিক শিক্ষকসকলে উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু উপায়ুক্ত জৰিয়তে সমগ্ৰ বিষটো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব।